ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এলেকাধীন এলেকাত চৰকাৰৰ পঞ্চায়তীৰাজ ব্যৱস্থা প্রবর্তনকলৈ অভিযােগ তুলি জিলাখনৰ বিভিন্ন দল-সংগঠনে বাদ-প্রতিবাদ অব্যাহত ৰখাৰ সময়তে আজি কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৱর্তী তাৰালাংছত এক সংবাদমেল অনুষ্ঠিত কৰি পাহাৰীয়া জিলাখনত পঞ্চায়তীৰাজ ব্যৱস্থাৰ বিৰোধিতা কৰি পৰস্পৰাগত গাঁও পৰিষদ গঠনৰ দাবী জনায় জিলাখনৰ ২৪ টাতকৈ অধিক সংগঠনৰ উমেহতীয়া মঞ্চই।
আজি বিয়লি তাৰালাংছৰ কার্বি পিপলছ হলত আয়ােজন কৰা সংবাদমেল সম্বোধন কৰি ২৪ টাতকৈ অধিক সংগঠনৰ যৌথ মঞ্চৰ আহায়ক লিটচন ৰংফাৰে কয় যে ভাৰতীয় সংবিধান অনুসৰি পিছপৰা জনজাতি বসবাস কৰা এলেকাসমূহত সংশ্লিষ্ট জনজাতিসমূহৰ পৰস্পৰাগত গাঁও পৰিষদ গঠন কৰিব লাগে যদিও দল-সংগঠনসমুহে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখা কার্যবাহীকে ধৰি বিভিন্নজনক আবেদন নিবেদন জনাই অহাৰ পিছতাে আজি পর্যন্ত পৰস্পৰাগত গাঁও পৰিষদ স্থাপিত কৰিব পবা নহল।
ভাৰতীয় সংবিধানৰ অনুসূচীৰ অনুচ্ছে ৩ আৰু উপ অনুচ্ছেদ ১ ৰ লগতে দফা e,f,i jৰ নীতি অনুসৰি ষষ্ঠ অনুসূচীভুক্ত এলেকাত পঞ্চায়তীৰাজ সম্ভৱপৰ নহয় বুলি মন্তব্য কৰি জিলাখনত পৰম্পৰাগত গাঁও পৰিষদ গঠনত চৰকাৰৰ ব্যর্থতাক সমালােচনা কৰাৰ লগতে জিলাখনত অতি শীঘ্রে পৰস্পৰাগত গাঁও পঞ্চায়ত গঠনৰ দাবী জনায়।
আজিৰ সভাত ২৪ প্লাছ সংগঠনৰ মুখ্য আহ্বায়ক ৰতন টেৰাঙৰ লগতে অংশীদাৰ কাৰবি ৰং আচাৰ আমেইৰ আৰু বিভিন্ন দল সংগঠনৰ শীৰ্ষ নেতৃত্ব সকল উপস্থিত থাকে ৷ আনহাতে সংবাদ মেলত উপস্থিত থকা কাৰবি ৰং আচাৰ আমেইৰ হৈ সহকাৰী সম্পাদক দেৱৰাম কিলিঙে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপচিং টেৰণৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে ৷
অভিযোগ অনুসৰি কাৰ্যবাহী সদস্য ৰূপচিং টেৰণে হামৰেণৰ ৫ নং ৱাৰ্ড এলেকাৰ জয়চিং ইংতি গাওঁ আৰু টিচ’ গাঁৱত ডংকামোকামৰ চক্ৰ বিষয়া আৰু মণ্ডল সকলক লৈ এক জৰীপ চলাইছিল ৷
উক্ত জৰীপ কাৰ্যত স্থানীয় গাঁওবুঢ়া আৰু দুয়োখন গাঁৱৰ পূৰ্ব পুৰুষৰ পৰা জুম খেতি কৰি ভোগ দখল কৰি অহা সকল শংকিত হৈ পৰিছে বুলি মন্তব্য কৰে ৷ এই জৰীপৰ পিছত তেওঁলোকৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নামি আহিব বুলি শংকা প্ৰকাশ কৰিছে ৷
কাৰ্যবাহী সদস্য ইয়াকে নকৰি সীমান্তত জৰীপ চলালেহে জিলাখনৰ বাহে হিতকৰ হ’লহেতেন বুলি কয় ৷ সেয়ে গাঁও দুখনৰ জৰীপ বাতিল কৰি শীঘ্ৰে এলেকাটোৰ ৰং আচাৰ আমেই আৰু কাৰ্বি ৰিচ’ ৰং আৰাট সকলৰ লগত আলোচনা কৰি এক শান্তিপূৰ্ণ সিদ্ধান্ত লব লাগে আগ্ৰহ প্ৰকাশ কৰে ৷













