
দৈনিক কৰ্মঘণ্টা ১২ ঘণ্টা কৰাকে ধৰি একাধিক শ্ৰমিক বিৰোধী নীতি প্ৰৱৰ্তনৰ বিৰোধিতা অহা ২৬ নৱেম্বৰত দেশজোৰ সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই৷ তেওঁলোকৰ অভিযোগ, কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে শেহতীয়াকৈ সংসদত জোৰপূৰ্বকভাৱে শ্ৰমিক আৰু কৃষকবিৰোধী আইন গৃহীত কৰাইছে ৷ সেয়ে এই আইনৰ বিৰুদ্ধে অহা ২৬ নৱেম্বৰত ভাৰতীয় জাতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছকে ধৰি কেইবাটাও শ্ৰমিক সংগঠনে দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে ৷
ইফালে এই ৰাষ্ট্ৰীয় ধৰ্মঘটলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে অসম প্ৰদেশ কংগ্ৰেছে। এক বিবৃতিযোগে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ কুমাৰ শৰ্মাই কয় যে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী প্ৰয়াত জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীয়ে দেশৰ শ্ৰমজীৱীসকলৰ স্বাৰ্থত ৪৪খন আইন প্ৰণয়ন কৰি শ্ৰমিকসকলক সকলো ধৰণৰ শোষণৰ পৰা মুক্ত কৰিছিল ।
কিন্তু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসনৰ সময়ত ৪খনকৈ শ্ৰমিক অধিনিয়ম প্ৰণয়ন কৰি শ্ৰমজীৱী সাধাৰণ লোকৰ অধিকাৰ কাঢ়ি নিয়াৰ লগতে বহুজাতিক কোম্পানীবোৰক দেশৰ সম্পত্তি লুট কৰিবলৈ সুবিধা কৰি দিছে। সেয়ে চৰকাৰৰ এনেকুৱা শ্ৰমিক-কৃষকবিৰোধী ভূমিকাৰ প্ৰতিবাদত ২৬ নৱেম্বৰৰ ধৰ্মঘটলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সমৰ্থন জনোৱাৰ লগতে সংশ্লিষ্ট সকলোলৈকে ধৰ্মঘট সফল কৰিবলৈ আহ্বান জনাইছে।











