ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : তিনি পাৰ্বত্য জিলাত সক্ৰিয় হৈ ডিএনএলএ শিৱিৰত সেনা- আৰক্ষীৰে সংঘৰ্ষত এটা ডিএনএলএ কেডাৰ নিহত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷
কার্বি আংলং আৰু ডিমা হাচাও জিলাত তৎপৰ হৈ থকা ডিমাচা সশস্ত্ৰ বিদ্রোহী সাংগঠন ডিমাচা নেশ্যনেল লিবাৰেশন আর্মী চমুকৈ ডি এন এল এৰ বিৰুদ্ধে আৰক্ষীয়ে বিগত সময়ছােৱাত ব্যাপক অভিযান চলাই সংগঠনটোৰ কেইবাগৰাকী দুধর্ষ নেতা-কেডাৰক গ্রেপ্তাৰ কৰাৰ লগতে কেইবাগৰাকী নিহত হােৱাৰ সময়তে অলপতে অসম-নাগালেণ্ড সীমান্তৱর্তী এলেকাত সেনা-আৰক্ষীৰে সংঘর্ষত সংগঠনটোৰ এগৰাকী দুর্ধর্ষ কেডাৰ নিহত হােৱাৰ বাতৰি পােৱা গৈছে।
প্রাপ্ত তথ্য অনুসৰি, এক নির্ভৰযােগ্য সূত্রৰ ভিত্তিত যােৱা ২১ নবেন্ববৰৰ সন্ধিয়া মাইবঙৰ মহকুমা আৰক্ষী বিষয়া পুষ্কিন জৈনৰ নেতৃত্বত সেনা আৰু আৰক্ষীৰ এক অভিযানকাৰী দলে জিলাখনৰ অসম-নাগালেণ্ড আৰু কার্বি আংলঙৰ সীমান্তৱর্তী তথা মাইবং থানাৰ অন্তর্গত তথা খেপ্রে উপ-আৰক্ষী চকীৰ অধীনস্থ টংকিৰ গাঁৱত অভিযান চলায়।
উল্লেখ্যযােগ্য যে, গাঁওখনত ডি এন এল এৰ এটা ৫-৯ জনীয়া দলে পূর্বৰে পৰা আশ্রয় গ্রহণ কৰি আছিল। সেনা-আৰক্ষীৰ দলটোৱে গাঁওখনত অভিযান চলােৱা কালত সশস্র উগ্রপন্থী গােটটোৰ সৈতে অভিযানকাৰী দলটোৰ তুমুল সংঘর্ষৰ সূত্রপাত হয়।
প্রায় পােন্ধৰ মিনিট ধৰি চলা উক্ত সংঘর্ষৰ ঘটনাত উগ্ৰপন্থী সংগঠনটোৰ এগৰাকী কেডাৰ নিহত হয়। নিহত কেডাৰজনক অদ্যপি চিনাক্তকৰণ কৰা হােৱা নাই। উক্ত সংঘর্ষৰ ঘটনাত উগ্রপন্থী দলটোৰ অধিক সদস্য আহত হােৱাৰ সন্দেহ কৰা হৈছে যদিও অন্ধকাৰৰ সুযােগ লৈ গােটটোৰ বাকী সদস্য সকল পলাই সাৰিবলৈ সক্ষম হয়।
সংঘর্ষস্থলীত অভিযান চলাই অভিযানকাৰী দলটোৱে মেগজিনসহএটা কাৰখানা নির্মিত পিষ্টল, দহ জাঁই গুলী, ডি এন এল এৰ পেডত কেইবাখনাে উকা ধনদাবী পত্র, ভালেসংখাক খালী কা্টিজ, তিনিটা মােবাইল ফোন, দুখন ছীমকার্ডকে ধৰি কেতবােৰ আপত্তিজনক সামগ্রী উদ্ধাৰ কবিবলৈ সক্ষম হয়।
সংগঠনটোৰ ধনদাবী পত্রসমূহত সংগঠনটোৰ স্বয়ম্ভূ বিত্ত সচিব ৰাংচমাই ডিমাচাৰ ষ্টাম্প আৰু ডি এন এল এৰ ঘূৰণীয়া ছীল থকা বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত কাৰবি আংলঙত সংগঠনটোৰ বিৰুদ্ধে জিলা আৰক্ষীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে।













