নিউজ ডেস্কঃ
অৱশেষত হাৰ মানি ল’লে ডোনাল্ড ট্ৰাম্পে। পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাবে জো বাইডেনে যাতে দায়িত্ব বুজি ল’ব পাৰে, তাৰ বাবে এইবাৰ সন্মতি জনালে তেওঁ। আমেৰিকাৰ ক্ষমতা হস্তান্তৰ চোৱাচিতা কৰা ফেডাৰেল এজেন্সিক ট্ৰাম্পে কয়, ‘প্রয়োজনীয় যি কাম সেয়া কৰিব পাৰে।’
দ্য জেনেৰেল ছার্ভিচ এডমিনিষ্ট্ৰেচন (জিএছএ)ৰ প্রধান এমিলি মার্ফিক ট্ৰাম্পে কয়, ‘‘নিয়ম মানি ক্ষমতা হস্তান্তৰৰ বাবে যি কৰে কৰক। মোৰ টিমকো মই একেই পৰামর্শ দিছোঁ।’’
একে সময়তে তেওঁ অৱশ্যে মনত পেলাই দিছে, তেওঁক জোৰ কৰি নিৰ্বাচনত পৰাজিত কৰক লৈ তেওঁ এতিয়াও যুঁজ চলাই যাব। তেওঁ কয়, ভোট চুৰি কৰিয়েই তেওঁক পৰাজিত কৰা হৈছে। এই প্ৰসংগত জিএছএই কৈছে, এই প্রথম ট্ৰাম্পে ‘স্বীকাৰ কৰিলে’ বাইডেন নিৰ্বাচনত জয়ী হৈছে।