![]()
নিউজ ডেস্কঃ
বৰ্তমান যিকোনো বিষয়ত একেই সুৰত কথা কয় প্রধানমন্ত্রী মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে। কিন্তু পূৰ্বতে এনে নাছিল। এই দাবী এখন নতুন কিতাপৰ। বিনয় সীতাপতিৰ নতুন কিতাপ যুগলবন্দী দ্য বিজেপি বিফ’ৰ মোদীত এনে এক দৃষ্টান্তৰ কথা দিয়া আছে, য’ত এই দুইগৰাকী নেতা সম্পূর্ণ ভিন্ন মেৰুত আছিলে। প্রায় দুই দশক পূৰ্বে অটল বিহাৰী বাজপেয়ীৰ আমোলত যেতিয়া পোখৰানত ভাৰতে পৰমাণু পৰীক্ষা কৰিছিল, তেতিয়া ভিন্ন অৱস্থান লৈছিল এই দুগৰাকী নেতাই।
তেতিয়া নৰেন্দ্র মোদী দলৰ সাধাৰণ সম্পাদক আছিল। মূলত আমেৰিকাস্থিত ভাৰতীয়সকলৰ সমর্থন আদায় আছিল তেওঁৰ প্রধান কাম। সেই সময়ত মোদী আছিল আমেৰিকাত। তেনে সময়তে ১৯৯৮ চনত ভাৰতে পোখৰানত পৰমাণু বোমা পৰীক্ষা কৰাৰ পিছতেই নতুন দিল্লীৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা জাপে আমেৰিকাই। তেতিয়া মোদীয়ে তেওঁৰ সংযোগ ব্যৱহাৰ কৰি মার্কিন কংগ্রেছত লবি সৃষ্টি কৰে এই নিষেধাজ্ঞা শিথিল কৰাৰ বাবে।
আনহাতে, অমিত শ্বাহ তেতিয়া গুজৰাটৰ বিধায়ক। এই পাৰমাণবিক পৰীক্ষাৰ সম্পূৰ্ণ বিৰোধী আছিল অমিত শ্বাহ। আনকি বাজপেয়ীলৈ চিঠিও লিখিছিল অমিত শ্বাহে। কিতাপখনত দাবী কৰা হৈছে যে অমিত শ্বাহে বাজপেয়ীক চিঠিত কয় যে আপোনাৰ প্রচাৰ লোলুপতাৰ ফলত চিৰকালৰ বাবে পাক অধিকৃত কাশ্মীৰক হেৰুৱালে।











