নিউজ ডেক্স:
বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰোনাত আক্রান্ত হৈছে ৩৭ হাজাৰ ৯৭৫ জন। ইয়াকে লৈ দেশত মুঠ আক্রান্ত হ’ল ৯১ লক্ষ ৭৭ হাজাৰ ৮৪০ জন। প্রথম স্থানত থকা আমেৰিকাৰ মুঠ আক্ৰান্ত ১ কোটি ২৪ লক্ষ। তৃতীয় স্থানত থকা ব্রাজিলত এই পর্যন্ত ৬০ লক্ষ ৮৭ হাজাৰজন কোভিডত আক্রান্ত হৈছে।
আনহাতে, কৰোনাত এতিয়ালৈকে অবধি ভারতে ১ লক্ষ ৩৪ হাজাৰ ২১৮ জনৰ মৃত্যু হৈছে। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৪৮০ জন। দেশৰ মুঠ মৃত্যুৰ এক তৃতীয়াংশ মহাৰাষ্ট্রত। ৰাজ্যখনত প্রাণ গৈছে ৪৬ হাজাৰ ৬৫৩ জনৰ। দেশৰ মৃত্যু তালিকাত দ্বিতীয় আৰু তৃতীয় স্থানত থকা কর্নাটক আৰু তামিলনাডুত ১১ হাজাৰৰ অধিক।
এই পর্যন্ত দেশত মুঠ ৮৬ লক্ষ ৪ হাজাৰ ৯৫৫ জন কৰোনাৰ কবলৰ পৰা মুক্ত হৈছে। বিগত ২৪ ঘণ্টাত দেশত সুস্থ হৈছে ৪২ হাজাৰ ৩১৪ জন। বৰ্তমান দেশত মুঠ সক্রিয় ৰোগীৰ সংখ্যা ৪ লক্ষ ৩৮ হাজাৰ ৬৬৭ জন।










