![]()
নিউজ ডেস্কঃ
কেইদিনমান পূৰ্বে আৰম্ভ হোৱা মুম্বাইৰ ‘কৰাচী ছুইটছ’ বিতর্কত এইবাৰ নতুন মাত্ৰা দিলে মহাৰাষ্ট্রৰ প্রাক্তন মুখ্যমন্ত্রী দেবেন্দ্র ফৰণবীছে। বিজেপিৰ নেতাগৰাকীয়ে দাবী কৰা মতে, কৰাচীও এদিন অখণ্ড ভাৰতৰ অংশ হ’ব। তেওঁ কয়, “মই অখণ্ড ভাৰতত বিশ্বাস কৰো। সেয়ে বিশ্বাস কৰো, কৰাচীও এদিন অখণ্ড ভাৰতৰ অংশ হ’ব।” সাংবাদিকৰ এক প্রশ্নৰ উত্তৰত তেওঁ এই বিতৰ্কিত মন্তব্য কৰে।
উল্লেখ্য যে কিছুদিন পূৰ্বে শিৱসেনাৰ নেতা নীতিন নন্দগাওকৰে মুম্বাইৰ এখন ঐতিহাসিক মিঠাইৰ দোকান ‘কৰাচী ছুইটছ’ সম্পৰ্কত বিতর্কিত মন্তব্য কৰিছিল। দোকানখনত গৈ গৰাকীক কৰাচী ছুইটছৰ নাম সলনি কৰি এটা মাৰাঠি নাম দিবলৈ কৈছিল। পিছত অৱশ্যে এই মন্তব্যক শিৱসেনাই দলীয় মন্তব্য নহয় বুলি প্ৰকাশ কৰিছিল। এয়া নেতাজনৰ সম্পূৰ্ণ ব্যক্তিগত মন্তব্য বুলি প্ৰকাশ কৰি কৈছিল, কৰাচী ছুইটছ এখন ঐতিহাসিক দোকান। ইয়াৰ সৈতে পাকিস্তানৰ কোনো সম্পৰ্ক নাই আৰু নাম সলনিৰ কথাই নাহে।











