![]()
নিউজ ডেস্কঃ
দৈনিক কামৰ সর্বোচ্চ সময় বৃদ্ধি কৰি ১২ ঘণ্টা কৰাৰ প্রস্তাৱৰ প্ৰতিবাদত ২৬ নৱেম্বৰত দেশজোৰা ধর্মঘটৰ আহ্বান জনাইছে দেশৰ ট্রেড ইউনিয়নসমূহে। ইয়াত সমৰ্থন জনাইছে বাম দলবোৰোও।
তেওঁলোকৰ অভিযোগ, সাপ্তাহিক কামৰ সময় সীমা ৬ দিনত মুঠ ৪৮ ঘণ্টা একেই ৰাখিলেও প্ৰকৃততে আওপকীয়াকৈ কামৰ মুঠ সময় বৃদ্ধি কৰিব বিচাৰিছে কেন্দ্রই। এই ক্ষেত্ৰত তেওঁলোকে ছুপ্রিম কোর্টৰ নির্দেশ তথা আন্তর্জাতিক শ্রম আইনৰ নিয়মো উলংঘা কৰিব বিচাৰিছে।
উল্লেখযোগ্য যে সম্প্রতি কেন্দ্ৰীয় চৰকাৰে কৰ্ম ঘণ্টাৰ বাবে নতুন বিধেয়কৰ খচৰা প্রকাশ কৰি সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ পৰা মতামত বিচাৰিছে।
এই প্ৰসংগত এআইটিইউচিৰ সাধাৰণ সম্পাদক অমৰজিৎ কৌৰৰ মন্তব্য, “আচলতে দিনত ৮ ঘণ্টাৰ কৰ্ম সময় বৰ্তমান নিৰ্ধাৰিত আছে যদিও বিৰতি, খোৱা-লোৱা আদিৰ সময় ধৰি সেয়া ৯ ঘণ্টামান হয়। এতিয়া খচৰাত সর্বোচ্চ সময় বৃদ্ধি কৰি ১২ ঘণ্টা কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। কিন্তু তাৰ লগত অতিৰিক্ত তিনি-চাৰি ঘণ্টা যাতায়াতৰ বাবে ধৰিলে ১৫-১৬ ঘণ্টা হয়। সেইটো হ’লে শ্ৰমিকসকলে জিৰণি লোৱা বা পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ নাপাব।” সেয়ে ইয়াৰ বিৰুদ্ধে একত্ৰিত হৈ প্রতিবাদৰ আহ্বান জনাইছে শ্রমিক সংগঠনবোৰে।











