নিউজ ডেক্স:
দেওবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা পৰিসংখ্যা মতে, বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ সংক্রমিত হৈছে ৪৫ হাজাৰ ২০৯ জন। এই পর্যন্ত মুঠ কৰোনা আক্রান্তৰ সংখ্যা হৈছে ৯০ লক্ষ ৯৫ হাজাৰ ৬ জন। এই মুহূর্তত দেশত সক্রিয় ক’ৰোনা ৰোগীৰ সংখ্যা ৪৪ হাজাৰ ৯৬২।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত ৫০১ জন ক’ৰোনা ৰোগীৰ মৃত্যু হৈছে। এই পর্যন্ত সমগ্ৰ দেশত ১ লক্ষ ৩৩ হাজাৰ ২২৭ জন কৰোনা ৰোগীয়ে প্রাণ হেৰুৱাইছে।
ইফালে বিগত ২৪ ঘণ্টাত ৪৩ হাজাৰ ৪৯৩ জন কৰোনা ৰোগী সুস্থ হৈ উঠিছে। সমগ্ৰ দেশত মুঠ আক্রান্তৰ ভিতৰত এই পর্যন্ত ৮৫ লক্ষ ২১ হাজাৰ ৬১৭ জন ক’ৰোনা ৰোগী সুস্থ হৈ উঠিছে। এই মুহূর্তত দেশত সুস্থতাৰ হাৰ ৯৩.৬৯ শতাংশ।
সংক্রমণ আৰু মৃত্যুৰ হিচাবত মহাৰাষ্ট্রৰ পৰিস্থিতি সকলোতকৈ ভয়াৱহ। কিন্তু দৈনিক সংক্রমণ আৰু মৃত্যুত আজি মহাৰাষ্ট্রক চেৰ পেলাই গৈছে ৰাজধানী দিল্লী। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৫ হাজাৰ ৮৭৯ জন নতুনকৈ সংক্রমিত হৈছে।
ক’ৰোনাৰ প্রকোপে মৃত্যু হৈছে ১১১ জনৰ। দিল্লীত এই পর্যন্ত ৫ লক্ষ ২৩ হাজাৰ ১১৭ জন সংক্রমিত হৈছে। ইয়াৰ ভিতৰত ৪ লক্ষ ৭৫ হাজাৰ ১০৬ জন ৰোগী সুস্থ হৈ উঠিছে।











