নিউজ ডেক্স:
ধর্ষণৰ মিছা গোচৰত অভিযুক্ত এজন ব্যক্তিক ১৫ লাখ টকা ক্ষতিপূৰণৰ নির্দেশ দিলে আদালতে। সাত বছৰ আগতে চেন্নাইৰ এই ঘটনাত নির্দোষী সাব্যস্ত হোৱাৰ পিছত সন্তোষ নামৰ ব্যক্তিজনে ক্ষতিপূৰণ বিচাৰি গোচৰ ৰুজু কৰিছিল। তাৰ ফলতেই শনিবাৰে এই ৰায় দিয়ে আদালতে।
ধর্ষণৰ মিছা অভিযোগ দাখিলৰ সময়ত সন্তোষ ইঞ্জিনিয়াৰিং কলেজৰ ছাত্র আছিলে। অভিযোগকাৰী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে আৰক্ষী আৰু আদালতক জনাইছিল, সন্তোষে ধর্ষণ কৰাৰ ফলতেই তেওঁ অন্তঃসত্ত্বা হৈছিল। এটা সন্তানো জন্ম দিয়ে অভিযোগকাৰীয়ে।
২০০৯ চনৰ শেষৰ ফালে এই ঘটনাত অভিযোগ দাখিলৰ পিছতেই আৰক্ষীয়ে সন্তোষক গ্ৰেপ্তাৰ কৰিছিল। ৯৫ দিন পিছত ২০১০ৰ ফেব্রুৱাৰীত তেওঁ জামিনত মুক্তি পায়। ছেক্রেটাৰিয়েট কলনি থানাৰ তদন্তকাৰী আৰক্ষী অধীক্ষকেও চার্জশিটত সন্তোষক ‘দোষী’ বুলি চিহ্নিত কৰে। কিন্তু ডিএনএ পৰীক্ষাত জনা যায়, অভিযুক্ত সন্তোষ সেই সন্তানৰ পিতা নহয়।
ডিএনএ পৰীক্ষাৰ ৰিপোর্ট পোৱাৰ পিছত ২০১৬ চনত চেন্নাইৰ মহিলা আদালতে ধর্ষণৰ মিছা গোচৰৰ পৰা সন্তোষকে মুক্তি দিয়ে। কিন্তু তেতিয়ালৈকে সাত বছৰ পাৰ হৈ গৈছেছে। সন্তোষে আদালতত মানহানি আৰু ক্ষতিপূৰণৰ গোচৰ ৰুজু কৰে। জনায়, ধর্ষণৰ গোচৰত অভিযুক্ত হোৱাৰ ফলত তেওঁৰ ব্যক্তিগত জীৱনৰ ক্ষতি হৈছে। নষ্ট হৈছে কেৰিয়াৰ। নিজকে আদালতত নির্দোষী সাব্যস্ত কৰিবলৈ প্রায় ২ লাখ টকা খৰচ হৈ গৈছে। ইয়াৰ বাবে মুঠ ৩০ লাখ টকা ক্ষতিপূৰণ বিচাৰি গোচৰ ৰুজু কৰে তেওঁ।
চেন্নাইৰ এখন আদালতে সন্তোষক ১৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰ ৰায় ঘোষণা কৰি জনাইছে, অভিযোগকাৰী, তেওঁৰ পৰিয়াল আৰু ছেক্রেটাৰিয়েট কলনি থানাৰ তদন্তকাৰী আৰক্ষী অধীক্ষকৰ পৰা এই টকা আদায় কৰা হ’ব।











