![]()
নিউজ ডেস্কঃ
তেলেংগানাৰ কিশোৰ অগস্ত্য জয়ছোৱাল। বয়স মাত্ৰ ১৪ বছৰ৷ এই ১৪ বছৰ বয়সতে তেওঁ উত্তীৰ্ণ হ’ল স্নাতক পৰীক্ষাৰ৷ আৰু তেওঁ দাবী জনাইছে দেশৰ কনিষ্ঠতম স্নাতক হোৱাৰ
জানিব পৰা মতে, সদ্য ফলাফল ঘোষণা কৰা ওছমানিয়া বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত মাছ কমিউনিকেচন আৰু জাৰ্নেলিজিমত স্নাতক ডিগ্ৰী লাভ কৰিছে অগস্ত্যই। কেৱল সিমানেই নহয়, ইয়াৰ পূৰ্বে মাত্র ৯ বছৰ বয়সতে তেওঁ উত্তীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষা আৰু ১১ বছৰ বয়সত উচ্চতৰ মাধ্যমিক পৰীক্ষা।
উল্লেখ্য যে অগস্ত্য এজন ৰাষ্ট্ৰীয় স্তৰৰৰ টেবুল টেনিছ খেলুৱৈও। ভাল পিয়ানো বজায় তেওঁ। এই বয়সতেই তেওঁ এজন আন্তর্জাতিক মটিভেচনেল স্পিকাৰো।
অগস্ত্যই কয়, ‘মই দেশৰ সর্বকনিষ্ঠ স্নাতক। মাত্র ১৪ বছৰত স্নাতক হৈছোঁ। পিতৃ-মাতৃয়েই মোৰ শিক্ষক। মই দুই হাতেৰে সমানে লিখিব পাৰো। কমপিউটাৰত ‘এ’ৰ পৰা ‘জেড’লৈ মাত্র ১.৭২ ছেকেণ্ডত টাইপ কৰিব পাৰোঁ।’











