নিউজ ডেক্স:
কোভেকছিন টীকাৰ তৃতীয় পৰ্যায়ৰ ট্রায়েলত অংশ ল’লে বিজেপি নেতা তথা হাৰিয়ানাৰ স্বাস্থ্যমন্ত্রী অনিল ভিজে।
অনিল ভিজে পূৰ্বতেই জনাইছিল যে তেওঁ দেশবাসীৰ স্বার্থত টীকাৰ ট্রায়েলত অংশ ল’ব। সেই কথা ৰাখে তেওঁ। পিজিআই ৰোহতক আৰু স্বাস্থ্য বিভাগৰ অধীনত চলা এই ট্রায়েলত তেওঁ অংশগ্রহণ কৰে।
উল্লেখ্য, তৃতীয় পৰ্যায়ত এই ট্রায়েলৰ বাবে প্রথম নাম পঞ্জীয়ন কৰিছিল তেৱেঁই। অহা কেইদিনমান তেওঁৰ স্বাস্থ্যৰ দিশত নজৰ ৰখা হ’ব।
টীকাৰ কোনো পার্শ্বপ্রতিক্রিয়া দেখাইছে নেকি সেয়া জানিবলৈয়েই এই নজৰ ৰখা হ’ব। দেশবাসীৰ স্বার্থত কৰোনাৰ টীকা লোৱাৰ এই নজিৰ কোনো ৰাজনৈতিক নেতাৰ নাই।











