বিশেষ প্ৰতিবেদন:
চৰকাৰৰ পৰা চাউল আৰু টকা পায়ো সঠিকভাবে খাবলৈ দিয়া নাই পিতৃয়ে। নিজৰ অধিকাৰ জানিবলৈ সেয়ে ১১ বছৰীয়া এগৰাকী কিশোৰী ১০ কিলোমিটাৰ খোজকাঢ়ি গৈ উপস্থিত হ’ল উপায়ুক্তৰ কাৰ্যালয়ত। ঘটনাটি ঘটিছে ওড়িশাত।
ওড়িশাৰ কেন্দ্রপদ অঞ্চলৰ এইগৰাকী ১১ বছৰীয়া জীয়ৰীয়ে পিতৃৰ অৱহেলা আৰু অন্যায়ৰ বিৰুদ্ধে গৰজি উঠল। উপায়ুক্তৰ কাৰ্যালয়লৈ যোৱাৰ পথত বহু বাধা আছিল, কিন্তু সাহসেৰে সকলোৰে মুখ্যমুখী হৈ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয়। উপায়ুক্তৰ ওচৰত নিজৰ অভিযোগ জমা দিয়াৰ ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ গৈছে।
কিশোৰাগৰাকীয়ে অভিযোগ কৰে যে তেওঁৰ পিতৃয়ে তেওঁক বেয়া খাদ্য দিয়ে আৰু চৰকাৰে তেওঁৰ বাবে দিয়া ৰেচন আৰু টকা আত্মসাৎ কৰে। কিশোৰীগৰাকীৰ অভিযোগৰ পিছত কেন্দ্রপদৰ উপায়ুক্ত সমার্থ বার্মাই কর্মকর্তাসকলক নির্দেশ দিয়ে যাতে ৰাজ্যৰ পৰা প্রাপ্ত সুবিধা পোনপটীয়াকৈ ছোৱালীজনীৰ একাউণ্টত প্রেৰণ কৰা হয়।
কেৱল সেয়াই নহয়, উপায়ুক্তই লগতে কয় যে এতিয়ালৈকে কিশোৰীগৰাকীৰ পিতৃক যিমান পৰিমাণৰ চাউল আৰু টকা দিয়া হৈছে, সেই সকলোবোৰেই তেওঁৰ পৰা আনি কিশোৰাগৰাকীক দিয়া হ’ব।
জানিব পৰা মতে, কিশোৰীগৰাকী এখন টৰকাৰী স্কুলত পঢ়ে। কৰোনা লকডাউনৰ কাৰণে যেতিয়া মিড ডে’ মিল বন্ধ হৈ যায়, তেতিয়া ৰাজ্য চৰকাৰে তেওঁলোকৰ পিতৃ-মাতৃৰ একাউণ্টত প্রতিদিনে আঠ টকা প্রেৰণ কৰিবলৈ আৰম্ভ কৰে। একে সময়তে, প্রতিটো শিশুক প্রতিদিনে ১৫০ গ্রাম চাউল দিয়াৰ ব্যৱস্থাও আৰম্ভ কৰা হৈছিল।