![]()
নিউজ ডেস্কঃ
কোভিড যোদ্ধাসকলৰ ৱার্ডৰ পৰা কেন্দ্রীয় কোটাত তেওঁলোকৰ সন্তানৰ বাবে এমবিবিএছ আৰু বিডিএছত আসন সংৰক্ষিত কৰা হৈছে। বৃহস্পতিবাৰে এই ঘোষণা কৰিলে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে। এক বিবৃতিত মন্ত্রালয়ে ঘোষণা কৰিছে, ২০২০–২১ শিক্ষাবর্ষত এমবিবিএছত এই বিভাগত কেন্দ্রীয় কোটাত পাঁচখন আসন সংৰক্ষিত থাকিব।
সংশ্লিষ্ট মন্ত্রালয়ৰ মন্ত্রী হর্ষ বর্ধনৰ ঘোষণা, ‘কোভিড ৰোগীসকলৰ সেৱাত আৰু ৰোগ মোকাবিলাত কোভিড যোদ্ধাসকলৰ অৱদানৰ প্রতি সম্মান জনাবলৈয়েই এই পদক্ষেপ। মানৱতাৰ বাবে নিঃস্বার্থভাবে যিসকল কোভিড যোদ্ধাই সেৱা কৰিছে, তেওঁলোকৰ ত্যাগৰ কথা মনত ৰাখিয়েই তেওঁলোকক এই সন্মান দিয়া হ’ল।’ যিসকল কোভিড যোদ্ধাই সেৱা আগবঢ়াই কর্তব্যৰত অৱস্থাত মৃত্যুবৰণ কৰিছে বা যিসকলে সেৱা আগবঢ়াবলৈ গৈ নিজেই কোভিড আক্রান্ত হৈ মৃত্যু হৈছে, তেওঁলোকৰ সন্তানক মনোনীত কৰা হ’ব এই কোটাত।
ৰাজ্য, কেন্দ্রীয়শাসিত অঞ্চল আৰু কেন্দ্রীয় হাস্পতাল, এইমছ, স্থানীয় প্রশাসনৰ কর্মচাৰী, অৱসৰপ্রাপ্ত কর্মচাৰী, স্বেচ্ছাসেৱক, ঠিকাভিত্তিক আৰু দৈনিক মজদুৰৰ সন্তানসকল এই নতুন বিভাগৰ বাবে বৈধ। কোভিড যোদ্ধাসকলৰ বাবে ৫০ লাখকৈ বীমা পেকেজৰো ঘোষণা কৰিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে। এই বছৰৰ নিটত অর্জিত ৰেঙ্কৰ ওপৰত, অনলাইন আবেদনৰ ভিত্তিত মেডিকেল কাউন্সিল অব ইণ্ডিয়া বা এমচিচিয়ে এই ছাত্র-ছাত্রীসকলক নিৰ্বাচন কৰিব।











