![]()
নিউজ ডেস্কঃ
পাকিস্তানৰ এখন সন্ত্ৰাসবাদবিৰোধী আদালতে বৃহস্পতিবাৰে জামাত-উদ-দাৱাৰ শীৰ্ষ নেতা হাফিজ ছয়ীদক ১০ বছৰৰ কাৰাদণ্ড বিহিছে৷ অবৈধ পুঁজি যোগানৰ বাবে বিশ্বত্ৰাস এইগৰাকী সন্ত্ৰাসবাদী নেতাৰ লগতে আন তিনিজনক কাৰাদণ্ড বিহাৰ খবৰ প্ৰকাশ কৰিছে পাকিস্তানৰ সংবাদ মাধ্যমে৷
পাকিস্তানৰ সাংবাদ মাধ্যম জিঅ’ টিভিৰ তথ্য অনুযায়ী হাফিজ ছয়ীদৰ সম্পত্তি বাজেয়াপ্ত কৰাৰো নিৰ্দেশ দিছে আদালতখনে৷











