![]()
নিউজ ডেস্কঃ
চিমেণ্টৰ বস্তাৰ ভিতৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে পশ্চিমবংগৰ ইকবালপুৰত। বৃহস্পতিবাৰে পুৱা ইকবালপুৰ থানা এলেকাৰ মহম্মদ আলি ৰোডৰ পৰা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।
আৰক্ষী সূত্ৰে জানিব পৰা মতে, পুৱা এটি চিমেণ্টৰ বস্তা পৰি থকা দেখি সন্দেহ হয় স্থানীয় লোকসকলৰ। সেইটো খুলিয়েই সকলো স্তম্ভিত হৈ পৰে। কিয়নো বস্তাটোৰ ভিতৰত আছিল হাত-ভৰি বন্ধা অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ। লগে লগে ইকবালপুৰ থানাত তেওঁলোকে খবৰ দিয়ে। আৰক্ষী আহি মৃতদেহটি উদ্ধাৰ কৰি পোষ্টমৰ্টেমৰ বাবে পঠায়। যুৱতীগৰাকীৰ দেহত আঘাতৰ চিন আছে। ডিঙিত ক্ষত চিহ্ন আছে। প্রাথমিক তদন্তত আৰক্ষীয়ে জনাইছে, যুৱতীগৰাকীৰ নাম সাবা খাতুন। বয়স ২০ বছৰ। তেওঁ ৱাটগঞ্জে দিদাৰ ওচৰত থাকে। কিন্তু বিগত দুমাহ ধৰি ৱাৰিশ লেনে ৰেশমা নামৰ এগৰাকী বন্ধুৰ ঘৰত পেইং গেষ্ট হিচাবে আছিল। ঘটনাৰ আগৰ দিনা, অৰ্থাৎ বুধবাৰে সন্ধ্যা তেওঁৰ মোবাইলত এটি কল আহে। তাৰ পিছত তেওঁ ওলাই যায়। পিছত তেওঁৰ মোবাইল ফোন বন্ধ থকাত ঘৰৰ লোকসকলে তেওঁৰ সৈতে যোগাযোগ কৰিব নোৱাৰে। পিছদিনা পুৱা তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।
প্রাথমিকভাবে আৰক্ষীৰ অনুমান, প্ৰেমজনিত কাৰণত এই হত্যাকাণ্ড হ’ব পাৰে।











