![]()
নিউজ ডেস্কঃ
ৰাজ্যৰ সন্মতি অবিহনে কোনো তদন্তত হস্তক্ষেপ কৰিব নোৱাৰিব ছিবিআইয়ে৷ তাৎপর্য্যপূর্ণ ৰায়ত এই কথা জনাইছে ছুপ্রিম কোর্টে৷ শীর্ষ আদালতৰ এই নির্দেশ বিৰোধীশাসিত ৰাজ্যবোৰৰ বাবে যেনেদৰে স্বস্তিকাৰক, তেনেদৰে সেয়া বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ বাবে এক ডাঙৰ পৰাজয়৷ বিৰোধীসকলৰ বিৰুদ্ধে চিবিআইৰ অপব্যৱহাৰৰ অভিযোগ বাৰম্বাৰ উঠাই আহিছে বিৰোধীয়ে৷ এই পৰিপ্রেক্ষিতত শীর্ষ আদালতৰ এই ৰায় যথেষ্ট তাৎপর্য্যপূর্ণ৷
উত্তৰ প্রদেশৰ চৰকাৰী বিষয়াসকলৰ বিৰুদ্ধে উঠা দুর্নীতিৰ অভিযোগ সংক্রান্তীয় এটি গোচৰত এই ৰায় দিছে ছুপ্রিম কোর্টে৷ ৰায়টোত শীর্ষ আদালতে জনাইছে, ‘আইন অনুযায়ী, ৰাজ্যৰ সন্মতি অবিহনে চিবিআইক কোনো গোচৰত জড়িত কৰাব নোৱাৰে কেন্দ্রই৷ এই বিষয়ত ৰাজ্যৰ সন্মতি বাধ্যতামূলক৷ সংবিধানত উল্লেখিত যুক্তৰাষ্ট্রীয় আন্তঃগাঁথনিৰ সৈতে সঙ্গতি ৰাখিয়েই এই আইন তৈয়াৰ কৰা হৈছে৷’
উল্লেখ্য, পশ্চিমবঙ্গ, ৰাজস্থান, ঝাৰখণ্ড, ছত্তীশগড়, কেৰালা, মহাৰাষ্ট্র, পঞ্জাব আৰু মিজোৰাম- এই ৰাজ্যকেইখনে চিবিআই তদন্তৰ নির্দেশ দিব বিচাৰিলে তেওঁলোকৰ অনুমতি বাধ্যতামূলক কৰিছে৷ ছুপ্রিম কোর্টৰ ন্যায়াধীশ এএম খানউইলকৰ আৰু বিআৰ গভাইয়ে দিল্লী স্পেচিয়েল পুলিচ এষ্টাবিল্ছমেণ্ট এক্টৰ কথা উল্লেখ কৰি এই ৰায় দিয়ে৷ এই আইনৰ দ্বাৰা চিবিআইক নিয়ন্ত্রণ কৰা হয়৷











