নিউজ ডেক্স:
ফুটপাথৰ পৰা শিশু অপহৰণ কৰি অন্য ৰাজ্যলৈ সৰবৰাহ। তাৰ পিছত নিঃসন্তান দম্পতিৰ ওচৰত বিক্ৰী। মুম্বাইত এই কুকর্ম ঘটাইছে এজন চিকিৎসকে। তেওঁক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই কামত সহযোগিতা কৰাৰ বাবে এজন অটোৰিক্সা চালক আৰু তেওঁৰ সহযোগীকো গ্রেপ্তাৰ কৰা হৈছে। শিশুটিক উদ্ধাৰ কৰি মাতৃক উভতাই দিছে আৰক্ষীয়ে।
আৰক্ষী সূত্রে জানিব পৰা মতে, বিগত ১১ অক্টোবৰত আন্ধেৰিৰ গোখেল ব্রিজৰ তলত ফুটপাথৰ পৰা শিশুটি নিখোঁজ হৈ যায়। টোপনিৰ পৰা উঠি শিশুটিক ওচৰত নাপাই দিশহাৰা হৈ পৰে শিশুটিৰ পৰিয়ালৰ লোকসকলক। আৰম্ভণিতে এলেকাটোত তন্নতন্নকৈ সন্ধান আৰম্ভ কৰে তেওঁলোকে। তাৰ পিছত যোৱা সপ্তাহত জুহু আৰক্ষীৰ দ্বাৰস্থ হয়।
অভিযোগ পায়েই তদন্তত নামে আৰক্ষী। কিন্তু যিটো এলেকাৰ পৰা শিশুটি নিখোঁজ হয়, তাৰ চিচিটিভি ফুটেজত একো নোপোৱাত, পার্শ্বৱর্তী এলেকাৰ চিচিটিভি ফুটেজো তন্নতন্নকৈ চায় আৰক্ষীয়ে। তাতেই এখন অটোৰিক্সাত শিশুটিক লৈ যোৱাৰ দৃশ্য ধৰা পৰে।
পঞ্জীয়ন নম্বৰৰ আঁতধৰি অনুসন্ধান কৰোতেই আন্ধেৰীৰ গাঁওদেৱী দোঙ্গাৰ এলেকাত অটোখনৰ সন্ধান পায়। অটোৰ চালক ৰমেশ বনপতি আৰু তেওঁৰ সহযোগী মহেশ দিত্তিক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে।
ধৃতকেইজনক সোধাপোছা কৰি আৰক্ষীয়ে জানিব পাৰে, ৰমেশ আচলতে তেলেঙ্গানাৰ বাসিন্দা। মহম্মদ বচিৰুদ্দিন নামৰ নলগোণ্ডাৰ এজন চিকিৎসকৰ সৈতে যোগাযোগ আছিল তেওঁৰ। কোনো শিশুক আনি দিব পাৰিলে মোটা অংকৰ টকা দিব বুলি তেওঁক প্রতিশ্রুতি দিছিল চিকিৎসকজনে।











