ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : নিত্য ব্যবহার্য সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ ঘটনাই সাধাৰণ জনতাক জ্বলা-কলা দেখুওৱাৰ বিপৰীতে মূল্যবৃদ্ধি নিয়ন্ত্রণত ব্যর্থ হােৱাৰ চৰকাৰখনৰ বিৰুদ্ধে অব্যাহত আছে ব্যাপক প্রতিবাদ।
আজি কার্বি আংলং জিলাৰ অন্যতম ছাত্র সংগঠন সন্মিলিত কার্বি আংলং জিলা ছাত্র পৰিষদ চমুকৈ ‘উছুকাই মূল্যবৃদ্ধি ৰোধ কৰাত ব্যর্থ হােৱাৰ প্রতিবাদত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল আৰু ৰাজ্যৰ যােগানমন্ত্রী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰি প্রতিবাদ সাব্যস্থ কৰে।
ছাত্র সংগঠনটোৰ নেতা-কর্মীসকলে আজি দিনৰ প্রায় ১২ বজাত ডিফু চহৰৰ মাজমজিয়াত পুত্তলিকা দাহ কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্থ কৰাৰ লগতে এই জুই জলিছে জ্বলিবই, ‘মূলাবৃদ্ধি ৰোধ কৰক, মূলাবৃদ্ধি ৰোধ কৰাত ব্যর্থ বিজেপি চৰকাৰ গ বেক’, সর্বানন্দ সোণোৱাল গ বেক’ আদি শ্লগানেৰেপৰিবেশ উত্তাল কৰি তােলে।
আনহাতে, কাৰ্বি আংলং জিলাৰ এঘাৰটাকৈ উন্নয়ন খণ্ডতে প্রধানমন্ত্রী আবাস যােজনা ৰূপায়ণৰ নামত ব্যাপক দুর্নীতিৰ অভিযােগ উত্থাপন কৰি উক্ত কেলেংকাবীৰ বিৰুদ্ধে চি বি আইতদন্তৰ দাবী জনাইছে উছুকাই।
আজি কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সচিবালয়ত গ্রামােন্নয়ন বিভাগব কার্যবাহী সদসা মাধুর্য ঢেকীয়াল কুকনকসাক্ষাৎ কৰি সংগঠনটোৱে এই সন্দর্ভত এখনি স্মাৰকপত্র প্রদান কৰে।
প্রসংগক্ৰমে উল্লেখযােগ্য যে, অলপতে প্রধানমন্ত্রী আৱাস যােজনা ৰূপায়ণৰ নামত হিতাধিকাৰীৰ পৰা উৎকোচ দাবী কৰি গাঁও উন্নয়ন সমিতিৰ এগৰাকী অধ্যক্ষ গ্রেপ্তাৰ হােৱাৰ পিছতে জিলাখনৰ এঘাৰটা উন্নয়ন খণ্ডতে আঁচনিখন ৰূপায়ণৰ নামত ব্যাপক দুর্নীতি সংঘটিত হােৱাৰ অভিযােগ উত্থাপন কৰি সৰৱ ভূমিকা পালন কৰি আহিছে উছুকাই।













