নিউজ ডেক্স:
লালু পৰিয়ালৰ ‘জঙ্গল ৰাজ’ শেষ কৰাৰ প্রতিশ্রুতিৰে ডেৰ দশক পূৰ্বে বিহাৰৰ মুখ্যমন্ত্রীৰ দায়িত্ব লৈছিল নীতিশ কুমাৰে। নীতিশ কুমাৰৰ নতুন মন্ত্রীসভাৰ সদস্যসকলৰ নাম দেখি এতিয়া সকলোৱেই অবাক। ১৪ জন মন্ত্রীৰ ভিতৰত ৮ জনৰ বিৰুদ্ধেই আছে নানা ফৌজদাৰী গোচৰ। ইয়াৰ ভিতৰত ৬ জনৰ বিৰুদ্ধে আছে দুর্নীতি, হিংসাত উচতনিসহ নানা গুৰুতৰ অভিযোগ।
বিহাৰত এনডিএ জোঁটৰ নতুন শিক্ষামন্ত্রী মেৱালাল চৌধুৰীক লৈ ইতিমধ্যেই প্রশ্ন তুলিছে বিৰোধীয়ে। জামুই জিলাৰ তাৰাপুৰ সমষ্টিৰ দ্বিতীয়বাৰৰ জেডি(ইউ) বিধায়ক মেৱালাল ২০০৫-২০১০লৈ ভাগলপুৰৰ বিহাৰ কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য আছিল।
সেই সময়ত ক্ষমতাৰ অপব্যৱহাৰ কৰি তেওঁ নীতিবহির্ভূতভাবে কর্মচাৰী নিয়োগ কৰা বুলি অভিযোগ আছে। মেৱালালৰ পত্নী নীতা ২০০৫-২০১০লৈ তাৰাপুৰৰ জেডি(ইউ) বিধায়ক আছিল। যোৱা বছৰ নিজৰ ঘৰতে গেছ চিলিণ্ডাৰ বিস্ফোৰণত মৃত্যু হয় তেওঁৰ। মেৱালালো উক্ত দুর্ঘটনাত আহত হৈছিল।
২০০৭ চনৰ আৰম্ভণিতে মেৱালালৰ বিৰুদ্ধে নিয়োগ দুর্নীতিৰ অভিযোগত সৰৱ হৈছিল তৎকালীন বিৰোধী দল বিজেপি। প্রাথমিক তদন্তৰ পিছত তেওঁৰ বিৰুদ্ধে অপৰাধমূলক বিশ্বাসভঙ্গ (৪০৯), জালিয়াতি (৪২০), অপৰাধমূলক ষড়যন্ত্র (১২০-বি)সহ ভাৰতীয় দণ্ডিবিধিৰ একাধিক ধাৰাত গোচৰো ৰুজু হৈছিল। সেই সময়ত মেৱালালৰ গ্রেপ্তাৰৰ দাবীত ৰাজ্যপালৰ দ্বাৰস্থ হৈছিল বিজেপিৰ পৰিষদীয় নেতা সুশীল মোদী।
নৱনির্মিত কৃষি বিশ্ববিদ্যালয়ত কেইবা কোটি টকা উপঢৌকনৰ বিনিময়ত ১৬৭ জন সহকাৰী অধ্যাপক আৰু জুনিয়ৰ ছায়েণ্টিষ্ট নিয়োগৰ সেই গোচৰত মুঠ অভিযুক্তৰ সংখ্যা আছিল ৫০ৰো বেছি। মেৱালালৰ বিৰুদ্ধে আয়ৰ সৈতে সঙ্গতিহীন সম্পত্তিৰো অভিযোগ উঠিছিল। তাৎপর্যপূর্ণভাবে এইবাৰ নীতিশ মন্ত্রীসভাৰ সকলোতকৈ ধনী মন্ত্রীও এইগৰাকী প্রাক্তন উপাচার্য। স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ মূল্য ১২ কোটি টকাৰো বেছি।
দুর্নীতিৰ গোচৰ দাখিল হোৱাৰ পিছত তৎকালীন জেডি(ইউ) বিধায়ক মেৱালালক দলৰ পৰা নিলম্বন কৰিছিল নীতিশ কুমাৰেই। সেই সময়ত গ্রেপ্তাৰী এৰাবলৈ মেৱালালে আত্মগোপন কৰিছিল বুলি অভিযোগ আছে। কিন্তু বেছি দিন সেই শাস্তি বহাল নাথাকিল। এইবাৰৰ নাৰ্বাচনতো দলীয় টিকট পাই বিধায়ক হৈছে মেৱালাল। অৱশ্যে এই গোচৰৰ তদন্ত এতিয়াও চলি আছে।











