নিউজ ডেক্স:
পুলৱামাৰ কাকাপোৰা এলেকাত আক্ৰমণৰ ঘটনা ঘটা বুলি জনাইছে কৰ্তৃত্বশীল বিষয়াই। ১২ জন বাসিন্দা আহত হৈছে। তেওঁলোকক নিকটৱর্তী হস্পিটেলত ভর্তি কৰোৱা হৈছে।
সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাত পুনৰ অশান্ত হৈ উঠিল উপত্যকাটো।
জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত সন্ত্ৰাসবাদীয়ে কৰা গ্রেনেড বিস্ফোৰণত কমপক্ষেও ১২ জন বাসিন্দা আহত হোৱা বুলি আৰক্ষী সূত্রে খবৰ।
নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গ্রেনেড বিস্ফোৰণ কৰা হয়। কিন্তু সেয়া লক্ষ্যভ্রষ্ট হয়৷ এজন আৰক্ষী বিষয়াক উদ্ধৃত কৰি এই কথা জনাইছে সংবাদ সংস্থা পিটিআইয়ে।











