![]()
নিউজ ডেস্কঃ
আৰু মাত্র ৯ বছৰ। তাৰ পিছতেই ব্রিটেইনৰ ৰাস্তাৰ পৰা সম্পূৰ্ণভাবে বিদায় ল’বলৈ আগবাঢ়িছে পেট্র’ল আৰু ডিজেলচালিত গাড়ী। ব্রিটিছ প্রধানমন্ত্রী পৰিছ জনছনৰ মন্ত্রীসভাই ইতিমধ্যে এই সিদ্ধান্ত লৈছে। বুধবাৰে আনুষ্ঠানিকভাবে এই সিদ্ধান্ত ঘোষণা কৰিব জনছনে।
ব্রিটিছ সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, ২০৩০ চনৰ পৰা পেট্র’ল আৰু ডিজেলচালিত গাড়ী কিনা-বেচা সম্পূর্ণ নিষিদ্ধ কৰিবলৈ আগবাঢ়িছে দেশখনৰ চৰকাৰ। পৰিবেশ প্ৰদূষণ নিয়ন্ত্রণৰ স্বার্থত আজি তেওঁৰ ১০ দফীয়া ‘গ্রিন প্লেন’ ঘোষণা কৰাৰ কথা। তাৰেই অন্যতম অংশ, এক দশক পিছত জৈৱ ইন্ধনচালিত যান-বাহন বর্জন।
উল্লেখ্য, যোৱা বছৰৰ জুলাই মাহত প্রধানমন্ত্রী পদৰ দায়িত্ব লোৱাৰ পিছত পৰিবেশ প্ৰদূষণ নিয়ন্ত্রণৰ লক্ষ্যত সক্রিয় হয় জনছন। প্রাথমিকভাবে ব্রিটিছ চৰকাৰে স্থিৰ কৰিছিল, ২০৪০ চনৰ পৰা পেট্র’ল আৰু ডিজেলচালিত গাড়ী নিষিদ্ধ কৰা হ’ব। কিন্তু ব্ৰিটিছ প্ৰধামন্ত্ৰীগৰাকী ব্যক্তিগতভাবে সক্রিয় হৈ সেই সময়সীমা আগুৱাই অনা বুলি দেশখনৰ সংবাদ মাধ্যমৰ দাবী।
কেৱল পেট্র’ল-ডিজেলচালিত গাড়ী বাতিলে নহয়, গ্রিন হাউছ গেছৰ নিঃসৰণ কমোৱাৰ লক্ষ্যত জনছনৰ ‘সেউজ পৰিকল্পনা’ত বিকল্প শক্তিৰ ব্যৱস্থাৰ বাবে বিভিন্ন পদক্ষেপৰ কথা আছে। পৰমাণু, সৌৰ আৰু বায়ুশক্তিৰ ব্যৱহাৰ বৃদ্ধিৰে জৈৱ ইন্ধনৰ ওপৰত নির্ভৰতা কমোৱাৰ কথা কোৱা হৈছে ১২০০ কোটি ইউৰো (প্রায় ১ লক্ষ ৫ হাজার ৭৯০ কোটি টকা)ৰ এই পৰিকল্পনাত। শাসকীয় দল কনজাৰভেটিভ পার্টিৰ দাবী, ইয়াৰ ফলত দেশত আঢ়ৈ লক্ষ কর্মসংস্থাপন সৃষ্টি হ’ব।
অৱশ্যে বিৰোধী লেবাৰ পার্টিয়ে জনছন চৰকাৰৰ এই পদক্ষেপৰ সমালোচনা কৰিছে। তেওঁলোকৰ দাবী, ব্রিটেইনৰ প্রায় ৭৪ শতাংশ যান-বাহন জৈৱ ইন্ধনৰ দ্বাৰা চালিত। কৰোনাৰ অভিশাপত দেশৰ অর্থনীতি ক্ষতিগ্রস্ত হৈছে। এই পৰিস্থিতিত জনছনৰ ঘোষণাত অটোমোবাইল উদ্যোগত আঘাত পৰিব বুলি লেবাৰ পাৰ্টিৰ নেতৃত্বৰ অভিযোগ।











