![]()
নিউজ ডেস্কঃ
বিহাৰত বিধানসভা নির্বাচনত শোচনীয় প্ৰদৰ্শনৰ পিছত কংগ্ৰেছত যেন এটাৰ পিছত আন এটা জ্বালামুখী উদ্গীৰণ হৈছে। কপিল চিব্বলৰ পিছতে এইবাৰ বিস্ফোৰণ ঘটালে দলৰ আন এগৰাকী প্রবীণ নেতা পি চিদম্বৰমে। তেওঁ স্বীকার কৰিছে, বিহাৰ আৰু বিভিন্ন ৰাজ্যত উপ-নির্বাচনৰ ফলাফলৰ পৰা বুজা গৈছে, সেইবোৰ স্থানত কংগ্রেছৰ সংগঠনৰ কোনো অস্তিত্ব নাই। তাৰ লগতে কংগ্রেছে নিজৰ সাংগঠনিক ক্ষমতাতকৈ বহু বেছি আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল বুলিও মানি লৈছে চিদম্বৰমে। জয়ৰ কাষ চাপিও কিয় বিহাৰত ‘মহা জোঁটবন্ধন’ ক্ষমতাৰ বৃত্তৰ বাহিৰতে থাকিবলগা হ’ল তাক জুকিয়াই চোৱাৰ প্রয়োজন বুলিও জনাইছে চিদম্বৰমে।
এক সাক্ষাৎকাৰত চিদম্বৰমে আৰু কয়, ‘‘মই গুজৰাট, মধ্যপ্রদেশ, উত্তৰ প্রদেশ আৰু কর্নাটকৰ উপ-নির্বাচনৰ ফলাফলক লৈ বেছি চিন্তিত। কাৰণ এই ফলাফলেই কৈ দিছে যে বাস্তৱত দলৰ সংগঠনৰ কোনো অস্তিত্ব নাই অথবা থাকিলেও সেয়া শোচনীয়ভাবে ক্ষতিগ্রস্ত হৈছে।’’ সদ্যসমাপ্ত বিহাৰ বিধানসভা নির্বাচনৰ প্ৰসংগত প্রাক্তন কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়, ‘‘বিহাৰত আৰজেডি-কংগ্রেছ জোঁটৰ জয়ী হোৱাৰ সুযোগ আছিল। জয়ৰ ইমান ওচৰ চাপিও কিয় জয়ী হ’ব নোৱাৰিলে তাক পৰ্যবেক্ষণ কৰি চাব লাগিব।’’











