![]()
নিউজ ডেস্কঃ
চোফাত পৰি আছি মাতৃৰ নিথৰ দেহ। কাষৰ ৰুমতে পিতৃৰ মৃতদেহ। আৰু অন্য এটি ৰুমত ৰক্তাক্ত অৱস্থাত বহি আছে পুত্ৰ!
এই বীভৎস তথা মর্মান্তিক ঘটনাৰ সাক্ষী হাওৰাৰ শিৱপুৰ। বুধবাৰে বন্ধ ফ্লেটৰ পৰা দুটা মৃতদেহ উদ্ধাৰৰ ঘটনাত তীব্র চাঞ্চল্য সৃষ্টি হয় অঞ্চলটোত। আৰক্ষীয়ে তলা ভাঙি উদ্ধাৰ কৰে দুটি মৃতদেহ। উচ্চশিক্ষিত পুত্ৰই চাকৰি নাপাই অৱসাদত ভুগিয়েই পিতৃ-মাতৃক হত্যা কৰা বুলি প্রাথমিক তদন্তত অনুমান কৰিছে আৰক্ষীয়ে। পিতৃ-মাতৃক হত্যাৰ পিছত যুৱকজনে নিজেও আত্মহত্যাৰ চেষ্টা কৰা বুলি জানিবলৈ দিছে আৰক্ষীয়ে। নিহত ব্যক্তি দুগৰাকীৰ নাম প্রদ্যুৎ বসু আৰু গোপা বসু। পুত্ৰ শুভজিতক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।
মৃতদেহ দুটা প্ৰায় পচিবলৈ ধৰাত কেনেদৰে হত্যা কৰা হৈছে, সেইটোত এতিয়াও স্পষ্ট নহয় আৰক্ষী। তদন্তকাৰী বিষয়াসকলৰ মন্তব্য, শুভজিত মানসিকভাবে সম্পূৰ্ণ সুস্থ নহয়। তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। পোষ্টমৰ্টেমৰ ৰিপোর্ট পালে আৰু শুভজিতক সোধাপোছা কৰিলে বিষয়টো স্পষ্ট হ’ব।
উল্লেখ্য যে শিৱপুৰৰ কৈপুকুৰ লেনৰ এটি হাউছিঙৰ চতুৰ্থ মহলাৰ এটি ফ্লেটৰ পৰা কেইদিনমান ধৰি দুর্গন্ধ বিয়পিছিল। বুধবাৰে পুৱা সেয়া অতি তীব্ৰ হৈ পৰে। প্রতিবেশীসকলে দৰ্জাত শব্দ কৰিলেও কোনোৱেই দৰ্জা নোখোলাত শিৱপুৰ থানালৈ খবৰ পঠায় তেওঁলোকে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে। দুটি মৃতদেহ আৰু ৰক্তাক্ত অৱস্থাত যুৱকজনক বহি থকা দেখি সকলো হতবাক হৈ যায়।
আৰক্ষীৰ দাবী, পিতৃ-মাতৃক হত্যাৰ কথা স্বীকাৰ কৰিছে পুত্ৰ শুভজিতে। পিতৃ-মাতৃক হত্যাৰ পিছত নিজেও আত্মহত্যাৰ চেষ্টা কৰা বুলি কৈছে শুভজিতে। আৰক্ষীয়ে সেই বিষয়টো তদন্ত কৰিছে। অৱশ্যে কোনো ছুইচাইড নোট উদ্ধাৰ হোৱা নাই।











