নিউজ ডেক্স:
বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰোনাত আক্রান্ত হৈছে ৩৮ হাজাৰ ৬১৭ জন। ইয়াকে লৈ দেশত মুঠ আক্রান্ত হ’ল ৮৯ লাখ ১২ হাজাৰ ৯০৭ জন। প্রথম স্থানত থকা আমেৰিকাত মুঠ আক্রান্ত ১ কোটি অতিক্ৰম কৰি গৈছে। তৃতীয় স্থানত থকা ব্ৰাজিলত এতিয়ালৈকে মুঠ ৫৯ লক্ষ ১১ হাজাৰ ৭৫৮ জন কোভিডত আক্রান্ত হৈছে।
আনহাতে, দেশত এই পৰ্যন্ত ১ লক্ষ ৩০ হাজাৰ ৯৯৩ জনৰ প্রাণ কাঢ়িছে কৰোনাই। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৪৭৪ জন। দেশৰ মৃত্যুৰ এক তৃতীয়াংশ আকৌ মহাৰাষ্ট্রত। ৰাজ্যখনত প্রাণ গৈছে ৪৬ হাজাৰজনৰ। দেশৰ মৃত্যু তালিকাত দ্বিতীয় আৰু তৃতীয় স্থানত থকা কর্নাটক আৰু তামিলনাডুত সেই সংখ্যা চাৰে ১১ হাজাৰ। ইয়াৰ পিছত ক্রমান্বয়ে আছে পশ্চিমবঙ্গ, দিল্লী, উত্তৰ প্রদেশ, অন্ধ্রপ্রদেশ।
ইফালে এই পর্যন্ত দেশত মুঠ ৮৩ লক্ষ ৩৫ হাজাৰ ১০৯ জন কৰোনাৰ কবলৰ পৰা মুক্ত হৈছে। দেশৰ মুঠ আক্রান্তৰ ৯৩.৫ শতাংশই সুস্থ হৈ উঠিছে। বিগত ২৪ ঘণ্টাত দেশত সুস্থ হৈছে ৪৪ হাজাৰ ৭৩৯ জন। এই পৰ্যন্ত দেশত মুঠ সক্রিয় ৰোগীৰ সংখ্যা ৪ লক্ষ ৪৬ হাজাৰ ৮০৫ জন।











