নিউজ ডেক্স:
প্ৰথম ক’ৰোনা সংক্ৰমণ ধৰা পৰাৰ এটা বছৰ সম্পূৰ্ণ হ’ল৷ যোৱা বছৰ ১৭ নৱেম্বৰত চীনৰ হুৱেই প্রদেশৰ উহানত সংহাৰ আৰম্ভ কৰিছিল ক’ৰোনাই। প্ৰথমগৰাকী আক্ৰান্ত ৰোগী চিনাক্ত হৈছিল সিদিনা৷ তাৰ পিছত এটা বছৰ পাৰ হৈ গ’ল। বৰ্তমান সমগ্ৰ বিশ্বত সেই সংখ্যা উপনীত হৈছে চাৰে ৫ কোটিত। ১৩ লাখ অতিক্ৰম কৰিছে মৃত্যুৰ সংখ্যাই।
বিভিন্ন ৰিপোর্টত প্রকাশিত তথ্য মতে, ২০১৯ৰ ১৭ নৱেম্বৰত ৫৫ বছৰ বয়সীয়া এজন ব্যক্তিৰ দেহত প্রথম এই ভাইৰাছৰ সন্ধান পোৱা যায়। ১৫ ডিচেম্বৰৰ ভিতৰত সেই সংখ্যা গৈ ২৭ হয়। ২০ ডিচেম্বৰত ৬০ আৰু ২০২০ৰ ১ জানুৱাৰীত চীনত আক্রান্তৰ সংখ্যা হয়গৈ ৩৮১। উহানক ক’ৰোনাৰ হটস্পট হিচাবে চিহ্নিত কৰাৰ পিছতেই ২৩ জানুৱাৰীত তাত লকডাউন জাৰি কৰা হয়।











