নিউজ ডেক্স:
বহু দশক জুৰি শিশু সকলৰ প্ৰিয় কাৰ্টুন চৰিত্ৰ মিকি মাউচ ৷ ৱাল্ট ডিজ্নিৰ সৃষ্টি এই কাপোৰ পৰিহিত অকণমানি নিগনিটোৱে প্ৰথম দৰ্শকৰ আগত ভূমুকি মাৰিছিল “ষ্টিমব’ট ৱিলি”ৰ যোগেদি ১৯২৮ চনৰ আজিৰ দিনটোতেই ; অৰ্থাৎ ১৮ নৱেম্বৰ তাৰিখে ৷
“ষ্টিমব’ট ৱিলি” আছিল ৱাল্ট ডিজ্নিৰ প্ৰথমখন সফল চাউণ্ড চিঙ্ক্ৰনাইজ্ড এনিমেটেড কাৰ্টুন ছৱি ৷ ছৱিখন প্ৰথম প্ৰদৰ্শন কৰা হৈছিল এন.ৱাই.চি.ৰ কলনী থিয়েটাৰ ঘৰত ৷