![]()
নিউজ ডেস্কঃ
নিবিচাৰিলেও হাতত কেতিয়াবা মোবাইল তুলি দিয়ে। কেতিয়াবা আকৌ ভিডিঅ গেম, দামী উপহাৰ। তাতেই মুখ বন্ধ হৈ যায় সৰু সৰু ছোৱালীবোৰৰ। এনেদৰেই বছৰৰ পিছত বছৰ নিজৰ লালসা পূৰণ কৰি গৈছিল তেওঁ। উত্তৰ প্ৰদেশৰ এজন চৰকাৰী কর্মচাৰীৰ বিৰুদ্ধে এই মাৰাত্মক অভিযোগ। মঙলবাৰে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা (চিবিআই)ৰ হাতত গ্রেপ্তাৰ হৈছে এইজন বিকৃত মানসিকতাৰ ব্যক্তি। জেৰাত ব্যক্তিজনে অপৰাধ স্বীকাৰ কৰা বুলিও জনাইছে আৰক্ষীয়ে।
অভিযুক্ত ব্যক্তিজন উত্তৰ প্রদেশ চৰকাৰৰ চেচ বিভাগৰ কনিষ্ঠ অভিযন্তা হিচাবে কর্মৰত। অভিযোগ, বিগত ১০ বছৰত ৫ৰ পৰা ১৬ বছৰৰ প্রায় ৫০ গৰাকী শিশু আৰু কিশোৰী তেওঁৰ লালসাৰ চিকাৰ হৈছে। কেৱল সেয়াই নহয়, যৌন নির্যাতন চলোৱাৰ সময়ত সমগ্ৰ ঘটনা কেমেৰাত বন্দী কৰি সেয়া ফটো আৰু ভিডিওৰ আকাৰত ইণ্টাৰনেটত বিক্রী কৰাৰো অভিযোগ তেওঁৰ বিৰুদ্ধে।
বান্দাৰ পৰা অভিযুক্তক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁৰ ঘৰত তালাচী চলাই ৮টা মোবাইল, নগদ ৮ লাখ টকা, ছেক্স পুতলা, লেপটপ আৰু নানা ধৰণৰ ডিজিটেল সামগ্রী উদ্ধাৰ হৈছে। শিশুসকলৰ ওপৰত যৌন নির্যাতন চলোৱাৰ বিভিন্ন সামগ্রীও পোৱা গৈছে বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে জনোৱা মতে, বান্দা, চিত্রকূট আৰু হামিৰপুৰ, মূলত এই তিনি জিলাতেই সৰু সৰু ছোৱালীবোৰক ফুচুলাই লৈ গৈ যৌন নির্যাতন কৰিছিল ব্যক্তিজনে। জেৰাত নিজৰ অপৰাধ স্বীকাৰ কৰে তেওঁ। লগতে জনাইছে, এই কুকর্মেৰ কথা যাতে ওলাই নপৰে, ছোৱালীবোৰে যাতে কাৰো আগত মুখ নোখোলে, তাৰ বাবে সিহঁতক নিয়মিত মোবাইল, ভিডিও গেম আৰু বিভিন্ন ধৰণৰ গেজেট উপহাৰ দিছিল পাষণ্ডটোৱে।











