নিউজ ডেক্স:
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভোটত পৰাজয় হোৱাটো মনা নাই৷ ইপিনে ভোটৰ ফলাফলক লৈ আদালতত প্ৰত্যাহ্বান জনাইছে৷ ক্ষমতা হস্তান্তৰত একেবাৰেই সন্মত নহয় ডোনাল্ড ট্ৰাম্প৷ উল্লেখ্য যে নিয়ম অনুসৰি ২০ জানুৱাৰীৰ পৰা হোৱাইট হাউচত থাকিব নোৱাৰে ট্রাম্পে৷ সেইদিনাই শপত ল’ব জো বাইডেনে৷
এনে সময়তো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ দ্বিধাবোধ কৰা নাই বিদায়ী ৰাষ্ট্ৰপতি ট্ৰাম্পে৷ বিদায়ী ৰাষ্ট্ৰপতি ট্ৰাম্পে এনে পদক্ষেপ ল’বলৈ চাইছে, যিটোৱে বিপদত পৰিব পাৰে নতুন বাইডেন প্রশাসন, আনকি আমেৰিকাও৷ এটা মার্কিন সংবাদ মাধ্যমে প্ৰকাশ কৰা খবৰ মতে যোৱা সপ্তাহত ইৰানৰ পাৰমানৱিক কেন্দ্ৰত আক্ৰমণ কৰিবলৈ বিচাৰিছিল ডোনাল্ড ট্রাম্পে।
এয়ে লৈ বৃহস্পতিবাৰে উপ ৰাষ্ট্ৰপতি মাইক পেনছ, নতুন প্ৰতিৰক্ষা সচিব ক্ৰিষ্ট’ফাৰ মিলাৰ, জেনেৰেল মাৰ্ক মাইলি, যুটীয়া চিফ অব ষ্টাফৰ চেয়াৰমেনৰ সৈতে সভা কৰিছিল ট্ৰাম্পে৷ তাতেই ইৰানৰ পাৰমানৱিক কেন্দ্ৰত আক্ৰমণ কৰা সম্ভৱ নেকি আলোচনা কৰে৷ বৈঠকত উপস্থিত থকা ৰাষ্ট্ৰীয় নিৰাপত্তা বিভাগে কয় ইৰানত পাৰমানৱিক কেন্দ্ৰত আক্ৰমণ কৰিলে কি কি সমস্যা হ’ব পাৰে৷
ইৰানে বিপৰীতে আক্ৰমণ কৰিব পাৰে৷ এই এলেকাত স্থিতিশীলতা নষ্ট কৰিব পাৰে৷ হোৱাইট হাউচে অৱশ্যে ইয়াক লৈ মত প্ৰকাশ কৰা নাই৷ এই আলোচনাৰ আগতে আমেৰিকাৰ চোৰাংচোৱাই জনাইছিল, ইৰানত পাৰমাণৱিক অস্ত্ৰ মজুত বৃদ্ধি পাইছে৷
তাৰ প্ৰতি লক্ষ্য ৰাখি ট্ৰাম্পে ইৰান আক্ৰমণ কৰাৰ কথা চিন্তা কৰিছিল বুলি প্ৰকাশ৷ আনহাতে আলোচনাৰ পাছতে ক্ষান্ত হয় ট্ৰাম্প৷ প্ৰকৃততে এই আক্ৰমণ কৰিলে বিপদত পৰিব বাইডেন প্ৰশাসন৷











