নিউজ ডেক্স:
দেৱালীৰ পিছত দিল্লীত বিয়পি পৰিছে ক’ৰোনাৰ ‘তৃতীয় পৰ্যায়ৰ ঢৌ’! ফলত ইয়াত গতিৰোধক লগাবৰ বাবে বিয়া-কাজত আমন্ত্রিতৰ সংখ্যা সীমিত কৰি পূৰ্বৰ দৰেই ৫০ জন বান্ধি দিয়াৰ সিদ্ধান্ত লৈছে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে।
লগতে ‘হটস্পট’ হিচাবে চিহ্নিত বজাৰবোৰো বন্ধ ৰখাৰ ইঙ্গিত প্ৰদান কৰিছে। লেফটেনেণ্ট জেনেৰেল অনিল বৈজলেৰ অনুমোদনৰ পিছতে এইবোৰ কাৰ্যকৰী কৰা হ’ব।
আজি এক সাংবাদ মেল সম্বোধন কৰি এই কথা কয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ তেওঁ কয়, ‘‘কেইসপ্তাহমান পূৰ্বে দিল্লীৰ কৰোনা পৰিস্থিতিৰ উন্নতি হোৱাত বিয়া-কাজত আমন্ত্রিতৰ সংখ্যা ৫০ জনৰ পৰা ২০০ জনলৈ বৃদ্ধি কৰা হৈছিল। কিন্তু এতিয়া সেই নির্দেশ চৰকাৰে প্রত্যাহাৰ কৰি পূৰ্বৰ ৫ ০জনেই বাহাল ৰাখিব বুলি স্থিৰ কৰিছে।’’
লগতে তেওঁ কয় যে দেৱালীৰ সময়ত চহৰখনৰ বিভিন্ন বজাৰত যথেষ্ট ভিৰ নজৰত পৰিছে। বহু মানুহে কোভিড বিধি ভংগ কৰি মাস্ক নিপিন্ধাকৈ আৰু শাৰীৰিক দূৰত্ব বজায় নৰখাকৈয়েই বজাৰলৈ গৈছে। ফলত সংক্রমণ ইমান বৃদ্ধি পাইছে।
সেয়ে যিবোৰ বজাৰ সম্ভাব্য ‘হটস্পট’ হিচাবে ভবা হৈছে সেইবোৰ সাময়িকভাবে বন্ধ ৰাখিবলৈ কেন্দ্রীয় চৰকাৰক অনুৰোধ কৰা হ’ব বুলিও কেজৰিৱালে কয়৷ তেওঁ দিল্লীবাসীক কোভিড বিধি মানি চলাৰ বাবে বিনম্ৰ আহ্বানো জানাইছে।











