নিউজ ডেক্স:
লাডাখ পৰিস্থিতিক লৈ দুয়ো দেশৰ উত্তেজনাৰ মাজতেই ‘ব্রিকছ’ দেশসমূহৰ শীর্ষ সন্মিলনত মঙলবাৰে পুনৰ মুখামুখী হ’ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি চি জিনপিং। বৈঠক হ’ব ভার্চুৱেল।
বিগত এটা সপ্তাহত এই লৈ দ্বিতীয়বাৰ মুখামুখী হ’ব মোদী আৰু জিনপিং। লাডাখ সঙ্কটৰ পিছত মোদী আৰি জিনপিঙৰ প্রথম মুখামুখী হৈছিল যোৱা ১০ নৱেম্বৰত, এছচিঅ’ শীর্ষ সন্মিলনৰ ভার্চুৱেল বৈঠকত।
বিদেশ মন্ত্ৰালয়ৰ সূত্র মতে, সন্ত্রাসবাদৰ বিৰুদ্ধে আৰু অতিমাৰি ৰোধত ব্রিকছ গোটৰ দেশবোৰে ঐক্যবদ্ধভাবে কি কি কৰিব পাৰে মূলত সেইবোৰক লৈয়েই এইবাৰ আলোচনা হ’ব। গুৰুত্ব পাব সংশ্লিষ্ট দেশবোৰৰ নাগৰিকসকলৰ স্বাস্থ্যৰ সুৰক্ষা, বাণিজ্যৰ সম্প্রসাৰণ আৰু শক্তি ক্ষেত্রত সহযোগিতা বৃদ্ধিৰ বিষয়বোৰেও। এইবাৰৰ সন্মিলনৰ মূল থিম ‘গ্লোবেল ষ্টেবিলিটি, শ্বেয়ার্ড ছিকিওৰিটি এণ্ড ইনোভেটিভ গ্র’থ’।
উল্লেখ্য যে ব্রাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্রিকা, এই পাঁচখন দেশৰ জোঁট ব্রিকছৰ দ্বাদশ শীর্ষ সন্মিলনৰ মূল আয়োজক দেশ এইবাৰ ৰাছিয়া। মোদী আৰু জিনপিঙৰ উপৰি ভার্চুৱেল বৈঠকত যোগ দিব ব্রাজিলৰ ৰাষ্ট্ৰপতি জাইৰ বোলছোনাৰো আৰু ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। অহা বছৰ ব্রিকছৰ পৰৱর্তী শীর্ষ সন্মিলনৰ আয়োজক দেশ হ’ব ভাৰত।











