![]()
নিউজ ডেস্কঃ
অৱশেষত বিজেপিৰ কান্ধত ভৰ দিয়ে সপ্তমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্রীৰ আসনত বহিল নীতিশ কুমাৰ। সোমবাৰে ৰাজভৱনত শপত ল’লে নীতিশ কুমাৰে।
অৱশ্যে শপতগ্রহণ অনুষ্ঠান পূৰ্বতেই বয়কটৰ ঘোষণা কৰিছিল আৰজেডিয়ে। ফলত তেজস্বী যাদৱৰ দলৰ কোনো উপস্থিত নাথাকে শপতগ্রহণ অনুষ্ঠানত। আনহাতে, মিত্ৰদলৰ সংগী বিজেপিৰ পৰা অমিত শ্বাহ, জে পি নড্ডা প্ৰমুখ্যে নেতাসকল শপতগ্রহণ অনুষ্ঠানত উফস্থিত থাকে৷
উল্লেখ্য যে এইবাৰ বিহাৰ চৰকাৰত দুজনকৈ উপ-মুখ্যমন্ত্ৰী থকাটো প্ৰায় নিশ্চিত হৈছে৷ ৰেণু দেৱী আৰু তাৰকিশোৰ প্রসাদ হ’ব পাৰে উপ-মুখ্যমন্ত্রী৷ আজি ৰেণু দেৱী আৰু তাৰকিশোৰ প্রসাদেও শপত লয়৷ শপত বাক্য পাঠ কৰায় বিহাৰৰ ৰাজ্যপালে৷











