![]()
নিউজ ডেস্কঃ
ন’বেল বঁটা প্ৰাপ্ত সংগঠন ডব্লিউ এফ পিয়ে কয় যে ২০২১ বৰ্ষটো ২০২০ বৰ্ষটোতকৈয়ো ভয়াবহ হোৱাৰ আশংকা আছে ৷ সংগঠনটোৰ কাৰ্যবাহী সঞ্চালক ডেভিড ৱেছ্লীয়ে সংবাদ মাধ্যমৰ আগত ব্যস্ত কৰিছে যে ২০২১ চনত সমগ্ৰ বিশ্ব ভয়ানক দুৰ্ভিক্ষৰ সমুখীন হ’বলগীয়া হ’ব পাৰে ৷ যিটো দুৰ্ভিক্ষ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰচুৰ ধৰ-বিতৰ প্ৰয়োজন হ’ব ৷ বিগত সময়ছোৱাত কৰ’না ভাইৰাছৰ গৰম বতাহে এই ভয়ংকৰ কথাটো তল পেলাই ৰাখিছিল যদিও ৱেছ্লীৰ মতানুসাৰে সময় থাকোঁতেই বিশ্বনেতাসকল সজাগ হোৱাটো ভাল। ২০২০ চনতো লকডাউনৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম দুৰ্ভিক্ষক ৰাষ্ট্ৰনেতাসকলৰ অনুদান আৰু ঋণদানে সকাহ দিলে যদিও অহা সময়ছোৱাত তাৰপৰা পৰিত্ৰাণ পোৱাটো আয়াসতে নহ’ব ৷
তদুপৰি নৱবৰ্ষৰ পাছত কৰ’নাৰ তৃতীয়টো ঢৌ যদি আহি পৰে তেতিয়া দেশসমূহত অৰ্থনৈতিক সংকটাৱস্থাই দেখা দিব পাৰে বুলিও ডব্লিউ এফ পিয়ে আশংকা ব্যক্ত কৰে ৷











