![]()
নিউজ ডেস্কঃ
অহা সোমবাৰৰ পৰা ৰাজ্যৰ সকলো ধৰ্মীয়স্থান খুলি দিয়াৰ সিদ্ধান্ত ল’লে মহাৰাষ্ট্র চৰকাৰে। দেশৰ সকলোতকৈ বেছি কৰোনা প্রভাৱিত ৰাজ্য মহাৰাষ্ট্র। তাত কৰোনা সংক্রান্তীয় বাধা-নিষেধ মানি মন্দিৰসহ সকলো উপাসনালয় খোলা হ’ব বুলি ৰাজ্য চৰকাৰখনে জনাইছে। মার্চ মাহত লকডাউন আৰম্ভৰ পিছতেই মহাৰাষ্ট্র চৰকাৰে সকলো ধৰ্মীয়স্থান বন্ধ কৰি দিছিল।
মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই সম্প্রতি ৰাজ্যবাসীক দীপাৱলীৰ শুভেচ্ছা জনাই কৈছে, ‘‘আপোনালোকৰ বাবে সুখবৰ অপেক্ষা কৰিছে। শীঘ্ৰেই আমাৰ ৰাজ্যৰ সকলো ধর্মীয় উপাসনালয় খোলাৰ ব্যৱস্থা কৰিম।’’ কৰোনা সংক্রান্তীয় সুৰক্ষাবিধি মানি দীপাৱলীৰ পিছত ৰাজ্যৰ শিক্ষা প্রতিষ্ঠানবোৰ খোলাৰ কথাও জনাইছিল তেওঁ।
চৰকাৰী সূত্রৰ খবৰ অনুযায়ী, আনলক পর্বৰ সুৰক্ষাবিধি মানি মন্দিৰসহ বিভিন্ন ধর্মীয় উপাসনালয় খোলাৰ প্রস্তাৱত মহাৰাষ্ট্রৰ ৰাজ্যপাল ভগৎ সিং কোশিৱাৰী পত্রপাঠে স্বাক্ষৰ কৰিছে।











