নিউজ ডেক্স:
সমগ্ৰ দেশতে উৎসৱ মুখৰ পৰিৱেশ দিপাৱলী উপলক্ষে ৷ সেই দীপাৱলী উপলক্ষে ৰাম জন্ম ভূমি অযোধ্যাকো সজাই তোলা হৈছে ৰমক জমক কৰি ৷ নানা ৰঙী ৰংগ’লিৰ লগতে ৫.৫১ লাখ মাটিৰে নিৰ্মিত চাকিৰে সজোৱা হৈছে অযোধ্যাৰ “ৰাম কী পেৰী ঘাট ” ৷
তাৰোপৰি শুভাযাত্ৰাৰে আৰম্ভ কৰা এই দিপাৱলী উৎসৱৰ লগত পালন কৰা হ’ব অন্যান্য কাৰ্যসূচী ৷ তিনিদিনীয়া কাৰ্যসূচীৰে উদ্যাপন হ’ব লগা এই দীপাৱলী উৎসৱৰ কাৰ্যসূচীত আজি উপস্থিত আছিল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো ৷











