![]()
নিউজ ডেস্কঃ
জম্মু-কাশ্মীৰৰ নিয়ন্ত্রণৰেখাত পুনৰ পাক সেনাৰ আক্ৰমণ। বৃহস্পতিবাৰে নিশাৰ পৰা উত্তৰ কাশ্মীৰৰ বাৰামুলাৰ উৰ ছেক্টৰত পাক বাহিনীৰ ধাৰাবাহিক গুলী আৰু মর্টাৰ আক্ৰমণত এজন বিএছএফ উপ-পৰিদৰ্শক আৰু দুই সেনা জোৱান নিহত হৈছে। মৃত্যু হৈছে ৩জন গাঁওবাসীৰো। গুৰুতৰভাৱে আহত হৈছে আৰু এজন গাঁওবাসী।
শুক্রবাৰে পুৱা উৰি ছেক্টৰৰ গাজি পিৰ এলেকাত দুই পক্ষৰ পৰা গুলীবৰ্ষণ হয়। বন্দিপোৰা জিলাৰ গুৰেজ ছেক্টৰত আৰু কূপৱাড়া জিলাৰ কেৰন ছেক্টৰতো পাক আক্ৰমণৰ প্ৰত্যুত্তৰত গুলী আৰু মর্টাৰ নিক্ষেপ কৰে ভাৰতীয় বাহিনীয়ে।
জম্মুৰ পুঞ্চৰ সজিয়াতো যুদ্ধ বিৰতি উলংঘন কৰি আক্ৰমণ চলায় পাক বাহিনীয়ে। তাতো আহত হৈছে ৭ গাঁওবাসী। ভাৰতীয় সেনা আৰু বিএছএফৰ তৰফৰ পৰা পাক আক্ৰমণৰ ‘প্ৰত্যুত্তৰ’ দিয়া হয়।











