![]()
নিউজ ডেস্কঃ
আমফানৰ পিছত পশ্চিমবংগ পৰিদর্শন কৰিবলৈ আহি ১ হাজাৰ কোটি টকাৰ সাহায্য ঘোষণা কৰিছিল প্রধানমন্ত্রীয়ে। কিন্তু কেন্দ্রৰ এই অনুদান পর্যাপ্ত নহয় বুলি বাৰম্বাৰ অভিযোগ তুলিছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এইবাৰ নিৰ্বাচনৰ প্ৰাক্-মুহূৰ্তত কিছু স্বস্তি দি ৰাজ্যখনক আমফানৰ বাবে আৰু ২ হাজাৰ ৭০০ কোটি টকাৰ সাহায্য ঘোষণা কৰিলে কেন্দ্রই।
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নেতৃত্বত গঠিত এটি উচ্চ পর্যায়ৰ কমিটিয়ে শুক্রবাৰে ৰাজ্যখনৰ সৈতে আৰু পাঁচখন ৰাজ্যক ঘূর্ণিবতাহ, বানপানী আৰু খৰাঙৰ মোকাবিলাৰ বাবে প্রায় ৪ হাজাৰ ৩৮১ কোটি টকা আবণ্টনত অনুমোদন দিছে।











