![]()
নিউজ ডেস্কঃ
কেৱল স্থলতে নহয়, সমুদ্রতো যথেষ্ট শক্তিশালী ভাৰত। আৰব সাগৰত নমোৱা নতুন ছাবমেৰিনে চীনসহ শত্রু দেশক এই বার্তাই দিলে। উন্নত একোষ্টিক শোষণ প্রযুক্তিৰ দৰে উচ্চতৰ ষ্টিলথ বৈশিষ্ট্যযুক্ত এই ছাবমেৰিন বৃহস্পতিবাৰে দক্ষিণ মুম্বাইৰ মাজগাঁও ডকৰ পৰা আনুষ্ঠানিকভাবে সমুদ্রত নমোৱা হয়৷
ৰাজ্যিক প্রতিৰক্ষা মন্ত্রী শ্রীপদ নায়কৰ পত্নী বিজয়াই ভিডিও কনফাৰেন্সিঙৰ মাধ্যমেৰে ছাবমেৰিনখনৰ উদ্বোধন কৰে। এইখন কালভাৰি শ্রেণীৰ ছাবমেৰিনৰ এটি অংশ। ফৰাচী নৌ প্রতিৰক্ষা আৰু ডিচিএনএছে ডিজাইন কৰা এই ছাবমেৰিনবোৰ ভাৰতীয় নৌবাহিনীৰ প্রকল্প-৭৫ৰ অংশ হিচাবে নিৰ্মাণ কৰা হৈছে৷

এই ছাবমেৰিনে যেনেদৰে নিঃশব্দে শত্রুপক্ষৰ চলাফুৰা অনুসৰণ কৰিব পাৰে তেনেদৰেই মুহূর্ততে ধ্বংস কৰি দিব পাৰে ৰণতৰীও। ভাৰত মহাসাগৰৰ গভীৰত বসবাসকাৰী এক চিকাৰী সামুদ্রিক মাছৰ নাম অনুসৰণ কৰি ছাবমেৰিনখনৰ নাম ৰখা হৈছে। বিশেষজ্ঞসকলৰ মত, বঙ্গোপসাগৰ আৰু ভাৰত মহাসাগৰত চীনৰ ৰণতৰীৰ গুলীৰ বিৰুদ্ধে অত্যন্ত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব এই ছাবমেৰিনে।
ডিজেল আৰু বিদ্যুৎ চালিত এই ছাবমেৰিনখন দীঘলে ৬৭ মিটাৰ, ওখ প্রায় চাৰে ৬ মিটাৰ। ওজন ২ হাজাৰ টন। পানীৰ তলত যুদ্ধ বা গোপনে শত্রুৰ ওপৰত নজৰ ৰখাৰ বাবে এই ছাবমেৰিনত আছে অত্যন্ত উন্নত প্রযুক্তি। এক মুহূৰ্ততে জাহাজ ধ্বংস কৰাৰ দৰে ক্ষমতা যেনেদৰে এই ছাবমেৰিনৰ আছে তেনেদৰেই এই ছাবমেৰিনে এৰিব পাৰে টর্পেডোও।











