![]()
নিউজ ডেস্কঃ
ছুপ্রিম কোর্টত অর্ণৱ গোস্বামীৰ বাবে ‘বিশেষ ব্যৱস্থা’ কৰা হৈছে৷ মঙলবাৰে ইয়াৰ প্রতিবাদ জনাই শীর্ষ আদালতৰ সচিব প্ৰধানলৈ কঠোৰ ভাষাত পত্ৰ দিছে ছুপ্রিম কোর্ট বাৰ এছোচিয়েচন (এছচিবিএ)ৰ সভাপতিয়ে।
বাৰ এছোচিয়েচনৰ সভাপতি দুষ্মন্ত ডাভেই অর্ণৱ গোস্বামীৰ ‘বাছনি তালিকাৰ’ তীব্ৰ প্রতিবাদ কৰি প্রশ্ন কৰে যে প্রত্যেকবাৰেই অর্ণৱ গোস্বামীৰ আবেদনে শীর্ষ আদালতত তাৎক্ষণাৎ অগ্রাধিকাৰ পায়, ইয়াৰ বিপৰীতে জে’লত থকা হাজাৰ হাজাৰ বন্দীৰ আবেদনৰ শুনানিৰ বাবে সপ্তাহৰ পিছত সপ্তাহ, মাহৰ পিছত মাহ অপেক্ষা কৰিবলগা হয়।
দুষ্মন্তে তেওঁৰ পত্ৰত কয়, ‘আমাৰ ব্যক্তিগত খং নাই অর্ণৱ গোস্বামীৰ বিৰুদ্ধে, কিন্তু বিগত আঠ মাহ ধৰি কৰোনা ভাইৰাছ মহামাৰিৰ কাৰণে আপোনাৰ নেতৃত্বত থকা গুৰুতৰ বিষয়বোৰ নথিভুক্ত হৈছেনে।’ ছুপ্রিম কোর্ট বাৰ এছোচিয়েচনৰ সভাপতিগৰাকীয়ে জনাইছে যে এই সংক্রান্তত কোনো আদেশ দেশৰ মুখ্য ন্যায়াধীশ আৰু মাষ্টাৰ অব দ্য ৰোষ্টাৰৰ পক্ষৰ পৰা জাৰি কৰা হৈছেনে। কাৰণ মুখ্য ন্যায়াধীশৰ নির্দেশ অবিহনে এনে ধৰণৰ জৰুৰী শুনানি হ’ব নোৱাৰে। তেওঁ কয়, অন্যান্য সাধাৰণ নাগৰিকে য’ত কাৰাবাসসহ শুনানিৰ বাবে ভুক্তভোগী হ’বলগা হয়, তেনে ক্ষেত্ৰত অর্ণৱ গোস্বামীৰ বাবে বিশেষভাৱে ব্যৱস্থা কৰা হৈছে। এয়া অবৈধ আৰু বিনা অনুমোদিত।











