![]()
নিউজ ডেস্কঃ
মে’ মাহত ‘আত্মনির্ভৰ ভাৰত অভিযান’ ১.০, অক্টোবৰত ২.০ আৰু বৃহস্পতিবাৰে কেন্দ্রীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিলে আত্মনির্ভৰ ভাৰত অভিযান ৩.০। কৰোনা অতিমাৰিৰ মোকাবিলাত এই নতুন প্রকল্প ঘোষণা কৰিবলৈ গৈ বিত্তমন্ত্রীয়ে কয়, দ্রুততাৰে উদ্ধাৰ হৈছে অর্থনীতি। পূৰ্বৰ দুটি পৰ্যায়ৰ বিত্তীয় পেকেজৰ ফলতেই অর্থনীতিৰ এই বৃদ্ধি বুলি দাবী কৰিছে নির্মলা সীতাৰমণে। মুঠ ১২টা খণ্ডত একাধিক পেকেজ ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে।
অৱশ্যে সেই ঘোষণাৰ পূৰ্বে নির্মলা সীতাৰমণৰ দাবী, ‘‘বিভিন্ন সূচকৰ পৰা এইটো স্পষ্ট যে অর্থনীতি দ্রুততাৰে উভতি আহিছে। ৰিজার্ভ বেংকে পূর্বাভাস দিছে ২০২০-২১ বিত্তীয় বর্ষৰ দ্বিতীয় ত্রৈমাসিকত জিডিপি বৃদ্ধিৰ হাৰ বহুখিনি বাঢ়িব। মুডিছে (বিত্তীয় সমীক্ষাকাৰী সংস্থা) আজি চলিত বিত্তীয় বছৰৰ জিডিপি বৃদ্ধিৰ পূর্বাভাস -৯.৬ৰ পৰা -৮.৯ কৰিছে।’’ বিত্তমন্ত্রীৰ দাবী, ‘‘চৰকাৰে সুসংহত সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰাৰ বাবেই এই বৃদ্ধি হৈছে।’’
আত্মনির্ভৰ ভাৰত অভিযান ৩.০
আত্মনির্ভৰ ৰোজগাৰ যোজনা : কোভিড অতিমাৰিৰ পৰা উদ্ধাৰ পাবলৈ কর্মসংস্থাপন সৃষ্টিৰ বাবে ইনচেনটিভ দিয়া হ’ব। ইপিএফওৰ অধীনস্থ কোনো কোম্পানীত ১৫ হাজাৰৰ কম বেতনত কামত যোগ দিলে এই প্রকল্পত সুবিধা পাব। মার্চৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত কাম হেৰুওৱা আৰু অক্টোবৰৰ পিছত নতুন কামত যোগ দিয়া কর্মচাৰীসকলে ইয়াৰ সুযোগ পাব।
নতুন কর্মসংস্থাপন সৃষ্টি কৰিলে চৰকাৰে ছাবছিডি দিব। এই ক্ষেত্রত চৰকাৰে কর্মচাৰী আৰু কোম্পানী উভয়ৰেই পিএফ খণ্ডৰ ১২ শতাংশ ধন ২ বছৰ পর্যন্ত ছাবছিডি হিচাবে দিব। কিন্তু মুঠ কর্মচাৰীৰ সংখ্যা ১০০০ জন পর্যন্ত হ’লেহে এই সুবিধা লাভ কৰিব।
ইমার্জেন্সি ক্রেডিট লাইন গেৰান্টি স্কিম ২০২১ চনৰ ৩১ মার্চ পর্যন্ত বৃদ্ধি কৰা হৈছে। ক্ষুদ্র, মজলীয়া আৰু অতিক্ষুদ্র উদ্যোগ প্ৰতিষ্ঠানবোৰে ইয়াৰ সুবিধা পাব। ইতিমধ্যে ২.০৫ কোটি টকা আবণ্টন কৰা হৈছে এই প্রকল্পত।











