![]()
নিউজ ডেস্কঃ
কেন্দ্ৰীয় চৰকাৰে বহু আগতেই এক নিৰ্দেশনা যোগে বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ সংযুক্ত কৰাৰ বিষয়ে গ্ৰাহকসকলক জ্ঞাত কৰি দিছিল ৷ তৎস্বত্বেও এতিয়াও বহু গ্ৰাহকৰ আধাৰ নম্বৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত নোহোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷
মন কৰিবলগীয়া কথা যে কোনো একাউণ্টৰ গৰাকীৰ আধাৰ নম্বৰ একাউণ্টৰ সৈতে সংযুক্ত নাথাকিলে একাউণ্ট বন্ধ পৰ্যন্ত কৰিব পৰাৰ ক্ষমতা বেংকৰ আছে ৷
যদিও এতিয়াও সেয়া ১০০% কাৰ্যকৰী হৈ নুঠাত যোৱা মঙলবাৰে নিৰ্মলা সীতাৰমণে এইবুলি ঘোষণা কৰে যে ২০২১ চনৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ প্ৰতিটো বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ সংযুক্ত হৈ থকাটো নিশ্চিত হ’ব লাগিব, অন্যথা বন্ধ কৰি দিয়া হ’ব পাৰে উক্ত একাউণ্টটো ৷











