![]()
নিউজ ডেস্কঃ
অহা সোমবাৰে (১৬ নৱেম্বৰ) পুনৰ বিহাৰৰ মুখ্যমন্ত্রী পদত শপত ল’ব পাৰে জেডি (ইউ) নেতা নীতিশ কুমাৰে। আজি এনডিএ সূত্রে এই কথা জানিব পৰা গৈছে। নীতিশ কুমাৰৰ লগতে পুনৰ উপ-মুখ্যমন্ত্রী পদত শপত ল’ব পাৰে বিজেপি নেতা সুশীল মোদীয়েও।
বিজেপিৰ এক সূত্রই জনোৱা মতে, মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রী পদক লৈ কোনো বিতর্ক নাথাকিলেও নতুন মন্ত্রীসভাৰ কেইবাটাও বিভাগক লৈ টনা-আঁজোৰা চলিছে। লগতে অধ্যক্ষ পদটিক লৈও ‘আলোচনা’ চলিছে দুই পক্ষৰ। শপত গ্রহণ অনুষ্ঠানত বিজেপিৰ কেন্দ্রীয় নেতৃত্ব উপস্থিত থাকিব পাৰে বুলিও সূত্রটোৰ দাবী। কিন্তু কৰোনা অতিমাৰিৰ কাৰণে অনুষ্ঠানত কিছু বাধা-নিষেধ থাকিব পাৰে।











