![]()
নিউজ ডেস্কঃ
কৰোনা অতিমাৰিৰ কাৰণে ক্ষতিগ্রস্ত উৎপাদন আৰু ৰপ্তানি ক্ষেত্রক পুনৰুদ্ধাৰ কৰিবলৈ ২ লক্ষ কোটি টকাৰ আর্থিক পেকেজ দিয়াৰ সিদ্ধান্ত লৈছে নৰেন্দ্র মোদী চৰকাৰে। বুধবাৰে কেন্দ্রীয় মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়।
চৰকাৰী সূত্র মতে, মূলত ১০টি উৎপাদন ক্ষেত্রত এই আর্থিক সহায় দিয়া হ’ব— ১. এডভান্সড কেমিষ্ট্ৰি চেল (এচিচি) বেটাৰী ২. বৈদ্যুতিন আৰু প্রযুক্তি-নির্ভর পণ্য ৩. অটোমোবাইল ক্ষেত্র ৪. ঔষধ ৫. টেলিকম আৰু নেটৱর্কিং পণ্য ৬. বস্ত্র উদ্যোগ ৭. খাদ্য প্রক্রিয়াকৰণ উদ্যোগ ৮. উচ্চ ক্ষমতা সম্পন্ন সৌৰযন্ত্র (ছ’লাৰ পিভি) ৯. শীত-তাপ যন্ত্র, এলইডি টিভিসহ পণ্য ১০. ইস্পাত উৎপাদন ক্ষেত্র।
আজিৰ বৈঠকৰ পিছথ কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রী প্রকাশ জাভড়েকৰে কয়, ‘‘উৎপাদন ক্ষেত্রত দক্ষতা আৰু কার্যকৰীৰ উপৰি উদ্ভাৱনী ক্ষমতা বৃদ্ধিৰ দিশেও আমাৰ চৰকাৰে গুৰুত্ব দিবলৈ বিচাৰে। প্রধানমন্ত্রীয়ে ‘আন্তনির্ভৰ ভাৰত’ কর্মসূচীতো সেই লক্ষ্যৰ কথা কৈছিল। এই বিশেষ আর্থিক সহায়ৰ সিদ্ধান্ত সেই লক্ষ্য পূৰণৰ পথত এটি গুৰুত্বপূর্ণ পদক্ষেপ।’’











