![]()
নিউজ ডেস্কঃ
অৱশেষত বন্ধ হ’ল আর্মেনিয়া আৰু আজাৰবাইজানৰ মাজত হোৱা যুদ্ধ৷ এক শান্তি চুক্তি সম্পাদন কৰি এই যুদ্ধৰ সমাপ্তি ঘটোৱা হয়৷ উল্লেখ্য যে নাগোৰ্ণো-কাৰবাখৰ বিতর্কিত এলেকা লৈ হৈছিল যুদ্ধ৷ এক শান্তি চুক্তি সম্পাদিত হোৱাৰ পাছত এই যুদ্ধৰ সমাপ্তি ঘটে৷ প্ৰায় ছসপ্তাহ ধৰি হোৱা যুদ্ধৰ পাছত এক চুক্তি হয়৷ আর্মেনিয়া, আজাৰবাইজান আৰু ৰাছিয়া মিলিত হৈ এক চুক্তিৰে যুদ্ধৰ সমাপ্তি ঘটায়৷ এই চুক্তিক আর্মেনিয়াৰ প্রধানমন্ত্রী নিকোল পাশ্বিনিয়ানে তেওঁ আৰু তেওঁৰ দেশৰ জনগণৰ বাবে ‘অতি বেদনাদায়ক’ বুলি উল্লেখ কৰে৷
উল্লেখ্য যে যুদ্ধ আৰম্ভ হোৱাৰ পাছত বহুবাৰ অস্ত্ৰ বিৰতি হ’লেও সকলো ব্যর্থ হৈছিল৷ এই শান্তি চুক্তি মঙলবাৰে কাৰ্যকৰী হয়৷ নতুন চুক্তি মতে নাগোৰ্ণো-কাৰবাখৰ এলেকা আজাৰবাইজানৰ হাতত থাকিব৷ আনহাতে অনলাইন এক টেলিভিচন চেনেলত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয়, ৰাছিয়াৰ শান্তিৰক্ষীয়ে ফ্ৰণ্টলাইনৰ পৰা তহল দিব৷ শান্তি ৰক্ষা প্ৰক্ৰিয়াত তুৰস্কই অংশ ল’ব বুলি প্ৰকাশ৷











