![]()
নিউজ ডেস্কঃ
২০১৬ চনৰ ৮ নৱেম্বৰ নোট বাতিলৰ কথা ঘোষণা কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । তাৰ ঠিক চাৰি বছৰ সম্পূৰ্ণ হওঁতে দেওবাৰে সেই ‘ধ্বংসাত্মক পদক্ষেপ’-ৰ বাবে মোদী চৰকাৰক সমালোচনাৰে থকাসৰকা কৰিলে কংগ্রেছ-সহ বিৰোধী শিবিৰে ৷ অভিযোগ অনা হৈছে যে সেই আচম্বিতে কৰা ঘোষণাৰে দেশৰ অর্থনীতিৰ ককাল ভাঙি দিছিলে প্রধানমন্ত্রীয়ে ।

তাৰ ফল ভুগিব লগা হৈছে কৃষক, শ্রমিক, সাধাৰণ নাগৰিকে । বহু জন কৰ্মহাৰা হৈছে । অর্থনীতিক স্বচ্ছ কৰাৰ নামত কিছু সংখ্যক ‘বন্ধু’ পুঁজিপতিৰ পকেট গৰম কৰাৰ বন্দোৱস্ত কৰিলে মোদীয়ে । যদিও টুইট যোগে প্রধানমন্ত্রীয়ে দাবী কৰিছে যে অর্থনীতিত স্বচ্ছতা বৃদ্ধি আৰু জাল নোটৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে জিডিপিৰ অনুপাতে কৰ আদায় বাঢ়িছে সেই সাহসী পদক্ষেপৰ বাবেই।
কংগ্রেছ নেতা ৰাহুল গান্ধীৰ অভিযোগ, “ক’ভিড নহয়, ভাৰতীয় অর্থনীতিৰ বিপর্যয়ৰ প্ৰকৃত কাৰণ নোটবন্দী ৷ চাৰি বছৰ পূৰ্বে অর্থনীতিৰ ওপৰত মোদীৰ আক্রমণৰ বাবে ভুক্তভোগী হৈছে কৃষিক, শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ীসকল । প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙে কৈছিল, বৃদ্ধিৰ হাৰ অন্ততঃ ২ শতাংশ কমিব ৷ সেয়াই হ’ল। সেই সময়ত বেংকত জমা হোৱা সাধাৰণ নাগৰিকৰ টকা ২-৩ জন ঘনিষ্ঠ পুঁজিপতিক দিছে মোদীয়ে৷”

অৱশ্যে এই কথা প্ৰমাণিত হৈছে যে কোনো পৰিকল্পনা নোহোৱাকৈ হঠাৎ দিয়া লক্ডাউন জিডিপি হ্ৰাস পোৱাৰ দ্বিতীয়টো কাৰণহে ৷ ভাৰতবৰ্ষৰ জিডিপি ক’ভিদ মহামাৰীৰ বহু আগৰপৰাই হ্ৰাস পাবলৈ ধৰিছিল মোদী চৰকাৰৰ দিনতেই ৷ তাৰ প্ৰথমটো কাৰণ আচম্বিতে কৰা নোটবন্দী ৷











