![]()
নিউজ ডেস্কঃ
বিহাৰ বিধানসভা নিৰ্বাচনৰ চূড়ান্ত ফলাফল ওলাব পাৰে মাজনিশাহে। আজি দুপৰীয়া সংবাদ মেলত এই কথা জনাইছে উপ নির্বাচন আয়ুক্ত চন্দ্রভূষণ কুমাৰে। নির্বাচন আয়োগৰ তথ্য অনুসৰি, ২০১৫ চনত ৩৮টি ভোট গণনা কেন্দ্র আছিল, এইবাৰ সেয়া বৃদ্ধি হৈ হৈছে ৫৫টা। তাত স্বাস্থ্যবিধি মানি চলিছে গণনা। অৱশ্যে দুপৰীয়া পৰ্যন্ত কোনো সমস্যা হোৱা নাই বুলি জনাইছে নিৰ্বাচন আয়োগে।
উল্লেখযোগ্য যে এইবাৰ বিহাৰত ভোট দিছে ৪ কোটি ১০ লক্ষ ভোটাৰে। সংবাদ মেল অনুষ্ঠিত হোৱা পৰ্যন্ত ৯২ লাখ ভোট গণনা কৰা হৈছে। পূৰ্বতে এটা এটা কেন্দ্ৰৰ ভোট গণনা সম্পূর্ণ কৰিবলৈ ২৫-২৬ ৰাউণ্ড গণনা কৰা হৈছিল। এইবাৰ সেয়া বৃদ্ধি কৰি কৰা হৈছে ৩৫ ৰাউণ্ড। সেয়ে যথেষ্ট সময় লাগিব। গতিকে নিৰ্বাচনৰ চূড়ান্ত ফল আহিবলৈ নিশা দুপৰ হ’ব পাৰে বুলি অনুমান মনে কৰিছে নিৰ্বাচন আয়োগে।











