![]()
নিউজ ডেস্কঃ
মধ্যপ্ৰদেশত অনুষ্ঠিত ২৮টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনত অগ্ৰগতি লাভ কৰি আছে বিজেপিয়ে। সম্প্ৰতি ভোটগণনাৰ যি প্রৱণতা তাত স্পষ্ট হৈ পৰিছে যে সসন্মানে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ থকাৰ দিশত শিৱৰাজ সিং চৌহান। লগে লগে বিপদৰ ক’লা মেঘ আঁতৰিছে মধ্যপ্রদেশৰ বিজেপি চৰকাৰৰ।
উল্লেখযোগ্য যে চৰকাৰ বচাবলৈ বিজেপিক প্ৰয়োজন আছিল ৭খন আসনৰ। ইয়াৰ বিপৰীতে পুনৰ শাসনৰ গাদীত বহিবলৈ কংগ্রেছৰ প্ৰয়োজন আছিল ২৭খন আসন। এই পর্যন্ত নিৰ্বাচনৰ ফলাফলৰ প্রৱণতাত বিজেপি ২০খন আসনত আগুৱাই থকাৰ বিপৰীতে কংগ্রেছ আগবাঢ়িছে ৭খনত। আনহাতে, এখন আসনত অন্যান্য দলৰ প্রার্থী আগত আছে। যদি এই প্রৱণতাৰ বৃহৎ কোনো একো পৰিবৰ্তন নহয় তেতিয়াহ’লে শিৱৰাজ সিং চৌহান মুখ্যমন্ত্ৰী পদত অক্ষুণ্ণ থকাৰ পথ প্ৰশস্ত।











