![]()
নিউজ ডেস্কঃ
১৪ বছৰ বনবাসত কটোৱাৰ পাছত শ্ৰীৰামচন্দ্ৰই যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল তেতিয়া আলোকসজ্জাৰে উজলি উঠিছিল সমগ্ৰ অযোধ্যা৷ সেইদৰে ১১ৰ পৰা ১৩ নৱেম্বৰলৈকে আলোকসজ্জাৰে উজলি উঠিব ৰাম জন্মভূমি৷ এতিয়া ইয়াৰে প্ৰস্তুতি প্ৰায় শেষ হোৱাৰ পথত৷ দীপাৱলীত অযোধ্যাৰ ৰাম জন্মভূমিত স্বাভাৱিকতে মানুহৰ উৎসাহ আৰু আগ্রহ পূৰ্বতকৈ পৃথক হৈছে৷ যিহেতু অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য অব্যাহত৷ এইবাৰ অযোধ্যাত দীপাৱলীত সজাই তোলা হ’ব ৫ লাখৰো অধিক বন্তি৷ ৰাম জন্মভূমিৰ লগতে হনুমান গড়ি, কনক ভৱনসহ অন্যান্য মন্দিৰবোৰ আলোকময় কৰি তুলা হ’ব ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আত্মনির্ভৰ ভাৰত অভিযানৰ কথাত গুৰুত্ব আৰোপ কৰি দেশীয় আৰু পৰিৱেশৰ লগত খাপ খুৱাই বন্তি প্ৰস্তুত কৰা হৈছে৷ প্ৰথমবাৰৰ বাবে গোবৰৰ বন্তি জ্বলাব অযোধ্যাত৷ তদুপৰি এই পোহৰৰ উৎসৱত ২০ গৰাকী লোকশিল্পীয়ে নৃত্য পৰিৱেশন কৰিব৷ জানিব পৰা মতে ইয়াত ৫ লাখ ৫১ হাজাৰ বন্তি একেলগে জ্বলাব৷ এই বিশেষ আয়োজনত উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ৷











