ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : গ্ৰেটাৰ ডিফু স্পৰ্টচ এছ’চিয়েছন চমুকৈ জিডিএছএৰ উদ্যোগত যোৱা ৪ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ চলি থকা প্ৰথম জিডিএছএ মহিলা ফুটবল লীগ ২০২০ প্ৰতিযোগিতাত আজিৰ খেলত উন্নাৱ এফচিৰ হাতত দলদলী এফচি ১-০ গ’লৰ ব্যৱধানত পৰাজয় বৰণ কৰিব লগীয়া হয় ৷
প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি ৩ বজাত ডিফুৰ ‘কাছা’ ৰ অত্যাধুনিক খেলপথাৰত অনুষ্ঠিত তীব্ৰ প্ৰতিধ্বন্দিতামূলক খেলত মৰণপণ যুঁজ দিও পৰাজিত হল দলদলী এফচি ৷দ্বিতীয়াৰ্দ্ধৰ ৫১মিনিটত উন্নাৱএফচিৰ হৈ দলদলী এফচিৰ নেটত প্ৰথমটো গ’ল দি দলক ১-০ ৰ অগ্ৰগতি প্ৰদান কৰে ১২ নম্বৰ জাৰ্চি পৰিহিত নিয়াংলুন চিঙে ৷
ইয়াৰ পিছত দ্বিতীয়াৰ্দ্ধত শেষলৈকে দলদলী এফচিৰ হৈ কোনো খেলুৱৈয়ে গ’ল পৰিশোধ কৰিব নোৱাৰিলে ৷ ফলৰ উন্নাৱএফচি ১- ০ গ’লত বিজয়ী হয় ৷ ৰেণছিং তেৰাঙে পৰিচালনা কৰা খেলখনত লাইনত সহায় কৰে ক্ৰমে, হনচিং কিলিঙ আৰু ৰামু ইংহিয়ে ৷ চতুৰ্থ ৰেফাৰী দায়িত্ব পালন কৰে বিজয় ৰংহাঙে ৷













