নিউজ ডেক্স:
পাকিস্তানী উগ্ৰপন্থী জম্মু_কাশ্মীৰত নিতৌ অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা চলাই আছে৷ ভূস্বৰ্গ জম্মু-কাশ্মীৰত অনুপ্ৰৱেশৰ চেষ্টা চলোৱা পাকিস্তানৰ এক সন্ত্ৰাসবাদী ভাৰতীয় সেনা জোৱানৰ গুলীত নিহত হয়৷ উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ মাচিল ছেক্টৰত সংঘটিত এই ঘটনাত মৃত সন্ত্ৰাসবাদীটোৰ পৰা এটা এ কে-৪৭ ৰাইফল আৰু দুটা বেগ উদ্ধাৰ কৰা হৈছে৷
ভাৰতীয় সেনাৰ সূত্ৰত জানিব পৰা মতে শনিবাৰে মাজ নিশা উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ মাচিল ছেক্টৰত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওপৰত অজ্ঞাত কেইজনমান ব্যক্তিক সন্দেহজনকভাৱে ঘুৰিফুৰা দেখিবলৈ পাইছিল কৰ্তব্যৰত সেনাই৷
সেই সন্দেহজনক ব্যক্তিয়ে সীমান্ত পাৰ হৈ জম্মু-কাশ্মীৰত অনুপ্ৰৱেশৰ চেষ্টা কৰাত সেনা জোৱানে গুলী চালনা কৰে৷ দুয়ো পক্ষৰ মাজত গুলীচালনা হয়৷ পাছত ভাৰতৰ সীমান্তত এক সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ হয়৷ মৃত সন্ত্ৰাসবাদীটোৰ পৰা এটা এ কে-৪৭ ৰাইফল আৰু দুটা বেগ উদ্ধাৰ কৰে৷ দুয়ো পক্ষৰ আক্ৰমণত এজন বিএছএফ কনিষ্টবল শ্বহীদ হয়৷











